কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনাত নিহত দুই যুৱক, অত্যধিক গতিবেগেই কাল হ’ল অভিনৱ আৰু শংকৰজ্যোতিৰ

News18 Assam | News18-Assam
Updated:October 25, 2020, 2:22 PM IST
কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনাত নিহত দুই যুৱক, অত্যধিক গতিবেগেই কাল হ’ল অভিনৱ আৰু শংকৰজ্যোতিৰ
জখলাবন্ধাত পূজা চাই ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।

জখলাবন্ধাত পূজা চাই ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।

  • Share this:
দুৰ্গোৎসৱ অষ্টমীৰ নিশা কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। জখলাবন্ধাত পূজা চাই ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। জখলাবন্ধাৰ সৰুভগীয়াত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা NL 01 AB 9360 নম্বৰৰ ট্ৰাক খনৰ পিছফালে বাইকৰ প্ৰচণ্ড বেগত খুন্দা। ফলত থিতাতে নিহত হয় এজন যুৱক।

জখলাবন্ধাৰ পৰা পূজা চাই ঘৰলৈ ওভতাৰ পথতে As 02 AA 4997 নম্বৰৰ বাইকখনত অহা আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও আদবাটতে মৃত্যু হয় আনজন যুৱকৰো। নিহত দুই বাইক আৰোহী  কলিয়াবৰৰ পূৱথৰীয়াৰ ভিঞাৰী গাঁৱৰ শংকৰজ্যোতি ভূঞা আৰু অভিনৱ ভূঞা বুলি জানিব পৰা গৈছে।
Published by: Sanjay Kumar Das
First published: October 25, 2020, 2:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading