உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাৰ্বি আংলঙত জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ সলিলসমাধি দুই যুৱকৰ

    কাৰ্বি আংলঙত জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ সলিলসমাধি দুই যুৱকৰ

    গোলাঘাট নগৰৰ পৰা ৮ জনীয়া দলটো গৈছিল জলপ্ৰপাতটোলৈ৷

    গোলাঘাট নগৰৰ পৰা ৮ জনীয়া দলটো গৈছিল জলপ্ৰপাতটোলৈ৷

    গোলাঘাট নগৰৰ পৰা ৮ জনীয়া দলটো গৈছিল জলপ্ৰপাতটোলৈ৷

    • Share this:
    বোকাখাতৰ সমীপৰ কাৰ্বি আংলঙৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাতত দেওবাৰে বিয়লি সংঘটিত হয় এক অঘটন৷ জলপ্ৰপাতটোৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা ৮ যুৱকৰ দুজন সন্ধানহীন হৈ পৰে৷ গোলাঘাট নগৰৰ পৰা ৮ জনীয়া দলটো গৈছিল জলপ্ৰপাতটোলৈ৷

    দলটোৰ ষ্টেচন পথৰ বিভাকৰ নাগ (২০) আৰু টুকানী পাৰ্কৰ সুদীপ বাকচী (২২) নামৰ যুৱক দুজন সন্ধানহীন হৈ পৰে জলপ্ৰপাতটোত। SDRF–এ সোমবাৰে দুঘণ্টা ধৰি চলোৱা অভিযানত উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ৷

    দুপৰীয়াৰ ভাগত ৩খন বাইক আৰুএ খন স্কুটীৰে জলপ্ৰপাতটোত আনলকৰ প্ৰথমটো দিন কটাবৰ বাবে উপস্থিত হোৱা দলটোৰ ৪জন পানীত নামে সাঁতুৰিবৰ বাবে৷ কিন্তু পানী আকস্মিকভাৱে বাঢ়ি যোৱাত ২জন পানীত ডুব যায়৷

    মৃত যুৱকদ্বয় উদীয়মান ক্ৰিকেটাৰ আছিল৷ ডিফুত মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত ডলামৰা আৰক্ষীয়ে মৃতদেহ পৰিয়ালক চমজাই দিব৷ উল্লেখ্য যে ৪ বছৰ পূৰ্বেও জলপ্ৰপাতটোত যোৰহাটৰ এজনৰ সলিলসমাধি ঘটিছিল৷
    Published by:Sanjay Kumar Das
    First published: