চৰাইদেউ জিলাৰ মাহমৰাত পিষ্টলসহ দুই যুৱক আটক, কি উদ্দেশ্যৰে আনিছিল পিষ্টল?

আটকাধীন যুৱক দুজনৰ ভিতৰৰ কাকতীবাৰী হাতীবন্ধা গাঁৱৰ জানমণি ওৰফে ধনীৰামৰ বিৰুদ্ধে পূৰ্বে কেইবাটাও অপৰাধজনিত গোচৰ কাকতীবাৰী থানাত ৰুজু হৈ আছে।
আটকাধীন যুৱক দুজনৰ ভিতৰৰ কাকতীবাৰী হাতীবন্ধা গাঁৱৰ জানমণি ওৰফে ধনীৰামৰ বিৰুদ্ধে পূৰ্বে কেইবাটাও অপৰাধজনিত গোচৰ কাকতীবাৰী থানাত ৰুজু হৈ আছে।
- News18 Assam
- Last Updated: September 10, 2020, 9:22 AM IST
কাকতীবাৰী-টিমন-ৰাজগড় পথেৰে সন্ধিয়া প্ৰায় ৮ বজাত ৰাজগড়ৰ পৰা কাকতীবাৰী অভিমুখে আহি থকা তিনিখন ডাম্পাৰত তালাচী চলোৱাৰ সময়তে এটা .২২ পিষ্টলসহ দুজন যুৱকক অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হয়।
অভিযানকাৰী দলটোৱে আটক কৰা যুৱক দুজন হৈছে চৰাইদেউ জিলাৰ কাকতীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত টিমন হাতীবন্ধা গাঁৱৰ জানমণি ওৰফে জোন ওৰফে অজিত ওৰফে ধনীৰাম বৰা (২৪) আৰু তিনিচুকীয়া জিলাৰ পেঙেৰীৰ কামাখ্যা মৰাণ (২৬)। ঘটনা সন্দৰ্ভত কাকতীবাৰী আৰক্ষী থানাত ২৬/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰিছে ।