বৰপেটাৰোড চহৰৰ পৰা এখন টেম্প'ৰে হাউলী অভিমুখে আহি আছিল যুৱকদুজন৷
বৰপেটাৰোড চহৰৰ পৰা এখন টেম্প'ৰে হাউলী অভিমুখে আহি আছিল যুৱকদুজন৷
বৰপেটাৰ মৌটুপুৰীত সোমবাৰে নিশা সোণৰ নাওসহ দুই যুৱক গ্ৰেপ্তাৰ৷ হাউলীৰ সমীপৰ মৌটুপুৰীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত যুৱক দুজনৰ পৰা জব্দ সোণৰ নাও৷ হাউলী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুই যুৱক বসন্ত কুমাৰ সিং আৰু ৰমেশ কুমাৰ সিং৷ দুয়োৰে ঘৰ বিহাৰৰ জামুই জিলাৰ লক্ষ্মীপুৰ থানাৰ অন্তৰ্গত চবলপুৰ গাঁৱত৷ দুই যুৱকৰ পৰা জব্দ কৰা সোণৰ নাওখনত খোদিত আছে যীশুৰ প্ৰতিকৃতি৷
বৰপেটাৰোড চহৰৰ পৰা এখন টেম্প'ৰে হাউলী অভিমুখে আহি আছিল যুৱকদুজন৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত টেম্প'খনত তালাচী চলাই যুৱক দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে সোণৰ নাওখন৷ হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত চলিছিল এই অভিযান৷ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, সোণখিনি আচল নে নকল সেয়া পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব। যীশুৰ প্ৰতিকৃতি অংকিত সোণৰ নাওখন কিদৰে হাউলীলৈ অনা হৈছিল সেই সম্পৰ্কে আৰক্ষীৰ তদন্ত অব্যাহত আছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|