• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটত ব্যৱসায়িক প্ৰতিষ্ঠানৰ দুই কৰ্মচাৰীক কাণত ধৰি আঁঠু কঢ়াই শাস্তি, ভাইৰেল ভিডিঅ’ই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ

যোৰহাটত ব্যৱসায়িক প্ৰতিষ্ঠানৰ দুই কৰ্মচাৰীক কাণত ধৰি আঁঠু কঢ়াই শাস্তি, ভাইৰেল ভিডিঅ’ই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ

মিঠাই জংছন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ দুগৰাকী অনা অসমীয়া কৰ্মচাৰীক এগৰাকী অসমীয়া লোকক কোনো কথাত শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগত কাণত ধৰি আঁঠু কঢ়াই শাস্তি প্ৰদান কৰে অনুসূচীত জাতি ছাত্ৰ সন্থাৰ একাংশ সদস্যই।

  • Share this:
যোৰহাটত সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ’ই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ভাইৰেল ভিডিঅ’ই যোৰহাটৰ আৰক্ষী-প্ৰশাসনৰ ফোঁপোলা স্বৰূপ পুনৰ এবাৰ উদঙাই দিছে। যোৰহাটত যে একাংশ সংগঠনে সমান্তৰাল প্ৰশাসন চলাই আছে এই ভিডিঅ’ই পুনৰ প্ৰমাণ কৰিছে।

নগৰখনৰ মিঠাই জংছন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ দুগৰাকী অনা অসমীয়া কৰ্মচাৰীক এগৰাকী অসমীয়া লোকক কোনো কথাত শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগত ৰাজপথত কাণত ধৰি আঁঠু কঢ়াই শাস্তি প্ৰদান কৰে অনুসূচীত জাতি ছাত্ৰ সন্থাৰ একাংশ সদস্যই।

সংগঠনটোৰ একাংশ সদস্যই এনেদৰে বিচাৰ প্ৰক্ৰিয়া চলাই শাস্তি প্ৰদান কৰা ঘটনাই যোৰহাট নগৰত একাংশ সংগঠনে চলাব বিচৰা সমান্তৰাল প্ৰশাসনৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে । লগতে এই ঘটনাই আৰক্ষী আৰু জিলা প্ৰশাসনৰ দূৰ্বল ভূমিকাকো যেন প্ৰতিয়মান কৰিছে । আনহাতে যোৰহাট আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে যদিও কাৰোৰে পৰা এই সন্দৰ্ভত নিৰ্দিষ্ট অভিযোগ লাভ কৰা নাই ।
Published by:Sanjay Kumar Das
First published: