দক্ষিণ কামৰূপৰ বকোত বন বিভাগ (Forest Department)ৰ গুলীত শুকুৰবাৰে মৃত্যু হৈছিল আৰবি দৈমাৰী (Arbi Daimary) নামৰ দুই বছৰীয়া কণমানি শিশুটিৰ। ডিঙিত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হৈছিল শিশুটিৰ মাতৃ মালবিকা দৈমাৰী (Malabika Daimary) ৷ এই মৰ্মান্তিক ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত সদৌ অসম বড়ো ছাত্ৰ সন্থা (ABSU)ৰ উদ্যোগত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাৰ সহযোহত কেইবাটাও জাতীয় সংগঠনে বকোৰ বন্দাপাৰাত আজি এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷
বন্দাপাৰা জুনিয়ৰ কলেজ প্ৰাংগণৰ পৰা হাতে হাতে বেনাৰ ফেষ্টুন প্লেকাৰ্ড লৈ বন বিভাগৰ বিৰুদ্ধে শ্লোগান দি ১৭ নং ৰাষ্টীয় ঘাইপথ (17 No NH) কঁপাই তোলে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদী সমদলটো ঘাইপথেৰে প্ৰায় দুই কিলোমিটাৰ প্ৰতিবাদ কৰি উপস্থিত হয় ঘটনাস্থলীত ৷ হত্যাকাৰীক চিনাক্ত কৰি উপযুক্ত শাস্তিৰ দাবীত প্ৰতিবাত মুখৰ হৈ পৰে সমগ্ৰ বকোৰ বোন্দাপাৰা তথা শেখাদাৰী অঞ্চল ৷
যোৱা শুকুৰবাৰে সংঘটিত হোৱা হৃদয় বিদাৰক ঘটনাৰ পাছতে আজি মৃত শিশু কন্যা আৰ্বি দৈমাৰীৰ হত্যাৰ ন্যায়াৰ দাবী আৰু উচিত তদন্ত বিচাৰি এই প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে ।
উল্লেখ্য যে বনৰীয়া হাতী (Wild Elephant) খেদিবলৈ কৰা গুলী চালনাত গুলীবিদ্ধ হৈছিল মাক-জীয়েক। বন বিভাগৰ গুলীত দুই বছৰীয়া কন্যা শিশু আৰবি দৈমাৰী নিহত হৈছিল আৰু সংকটজনক অৱস্থাত বৰ্তমান GMCHত মৃত্যুৰ সৈতে যুঁজি আছে গুলীবিদ্ধ মাতৃ মালবিকা দৈমাৰীয়ে ৷ ভুক্তভোগীৰ উচিৎ ক্ষতিপূৰণৰ লগতে দোষীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|