গোসাঁইগাঁও মহকুমাৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ১ নম্বৰ গৰুমাৰাচৰৰ সোণকোষ নদীত নাও দুৰ্ঘটনা। এই নাও দুৰ্ঘটনাত সন্ধানহীন হয় দুগৰাকী মহিলা আৰু গুৰুতৰভাৱে আহত হয় আন চাৰিগৰাকী।
আহত চাৰিওগৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি পশ্চিমবংগৰ আলিপুৰ দুৱাৰ চিকিৎসালয়ত ভৰ্তি কৰায়। নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা মহিলা দুগৰাকী ১ নম্বৰ গৰুমাৰাচৰৰ ৰহিম শ্বেখৰ কন্যা ৰমিছা খাতুন আৰু গোলাম হোছেইনৰ পত্নী ছাফিয়া বিবি বুলি জানিব পৰা গৈছে।
আনহাতে পশ্চিমবংগৰ আলিপুৰ দুৱাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গৰুমাৰাচৰ প্ৰথম খণ্ড গাঁৱৰ সুপোৰনা সাহা (১৩), তৃপ্তি সাহা(২২) আৰু পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ মাজেৰডাবৰী গাঁৱৰ প্ৰসেনজিত সাহা (৩৫), সঞ্জিত সাহা(৩২)।
সোণকোষ নদীৰ বালিচৰৰ পৰা ৰন্ধাৰ কাৰণে খৰি লৈ যোৱাৰ সময়ত টুলুঙা নাওখন দুৰ্ঘটনাত পতিত হয়। ঘটনাস্থলীত গোসাঁইগাঁও মহকুমা আৰক্ষী, SDRF বাহিনী, দণ্ডাধীশ উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|