ডিগবৈত বিদ্যুৎস্পৃষ্ট হৈ এখন ঘৰৰে দুগৰাকী বোৱাৰীৰ মৃত্যু ৷ মহিলাদুগৰাকীৰ নাম ৰীতা মুখিয়া আৰু অঞ্জু মুখিয়া৷ ডিগবৈৰ ১নং গোলাইৰ নিজ বাসগৃহত সংঘটিত হৈছে এই ঘটনা ৷
ঘৰত একেলগে এটা কোঠাত কাম কৰি থকা অৱস্থাতে বিদ্যুতৰ ওলমি থকা তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হয় দুয়োগৰাকী ৷ দুয়োকে ডিগবৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও মৃত্যু হয় দুয়োগৰাকীৰে।