• Home
  • »
  • News
  • »
  • assam
  • »
  • South Kamrup : মাছ মাৰিবলৈ গৈ পথাৰত খান্দি থোৱা বৃহত্‍ গাঁতত পৰি কৰুণ মৃত্যু দুগৰাকী মহিলাৰ, দক্ষিণ কামৰূপত শোকৰ বন্যা

South Kamrup : মাছ মাৰিবলৈ গৈ পথাৰত খান্দি থোৱা বৃহত্‍ গাঁতত পৰি কৰুণ মৃত্যু দুগৰাকী মহিলাৰ, দক্ষিণ কামৰূপত শোকৰ বন্যা

 য'তে ত'তে এক্সেভেটৰৰে অবৈধভাৱে খান্দি থোৱা বৃহৎ গাঁত পানীৰে ভৰি থকাত নেদেখি তিনিওগৰাকী মহিলা পৰি যায়।

  • Share this:
দক্ষিণ কামৰূপৰ সৰপাৰাত অঘটন। মাছ মৰিবলৈ গৈ  পথাৰত খান্দি থোৱা গাঁতত পৰি মৃত্যু দুগৰাকীকৈ মহিলাৰ। মৃত মহিলা দুগৰাকী সৰপাৰা গাঁৱৰ দীপালী মজুমদাৰ (৪৯)  আৰু ভাৰতী মজুমদাৰ (৪৫)।

এই ঘটনাত গাঁওখন শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ঘটনাৰ বিৱৰণী মতে, অনুসৰি সৰপাৰা গাঁওৰ ৩গৰাকী মহিলা ওলাই গৈছিল পথাৰলৈ। কিন্তু পথাৰৰ মাজত কোনো মাটিৰ ব্যৱসায়ীয়ে অবৈধভাৱে খান্দি থৈছিল বৃহৎ বৃহৎ গাঁত।

য'তে ত'তে এক্সেভেটৰৰে অবৈধভাৱে খান্দি থোৱা বৃহৎ গাঁত পানীৰে ভৰি থকাত নেদেখি তিনিওগৰাকী মহিলা পৰি যায়। চিঞৰ–বাখৰ শুনি ওচৰৰ মানুহে মহিলা কেইগৰাকীক উদ্ধাৰ কৰে যদিও দুগৰাকী মহিলা ভাৰতী মজুমদাৰ আৰু দীপালী মজুমদাৰৰ মৃত্যু হয়। আনগৰাকী মহিলায়ো সংকটজনক অৱস্থাত হাস্পতালত চিকিত্‍সাধীন হৈ আছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি