বাক্সাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত নলবাৰীত আজি দুটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নলবাৰী গাঁৱৰ কৰেবাৰী নামৰ চুবুৰীৰ ধাননি পথাৰত মৃত অৱস্থাত উদ্ধাৰ হয় হাতী দুটা৷ বাক্সাৰ বাতাবাৰী ৰেঞ্জত সংঘটিত হয় এই ঘটনা৷
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ধাননি পথাৰত ধান খাবলৈ অহাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় হাতী দুটাৰ৷ জানিব পৰা মতে, বাতাবাৰী ৰেঞ্জৰ অন্তৰ্গত নলবাৰী অঞ্চলত বিগত সময়ছোৱাত বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি কৃষকৰ ধান খেতি খাই তহিলং কৰি আহিছিল৷ তাতে ৰুষ্ট হৈ নলবাৰী গাঁৱৰ ৰচেন দেউৰী নামৰ লোকজনে হাতী অহা পথত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি থৈছিল৷
বৃহস্পতিবাৰে নিশাও খাদ্যৰ সন্ধানত হাবিৰ পৰা ওলাই অহা হাতী দুটা খেতি পথাৰত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি লয়৷ আজি পুৱা গাঁৱৰ লোকে খেতি পথাৰত মৃত অৱস্থাত হাতী দুটা প্ৰত্যক্ষ কৰি বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়ে৷ খবৰ লাভ কৰি বাতাবাৰী ৰেঞ্জৰ বনকৰ্মী ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতী দুটা প্ৰত্যক্ষ কৰাৰ লগতে মৃত্যুৰ কাৰণ সম্পৰ্কে তদন্ত আৰম্ভ কৰে৷ পিছত ৰচেন দেউৰী নামৰ লোকজনে বিদ্যুৎ সংযোগ কৰি হাতী দুটা হত্যা কৰা বুলি নিশ্চিত হয়৷
সম্প্ৰতি মৃত হাতী দুটাৰ মৰণোত্তৰ পৰীক্ষা কৰি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে৷ ইফালে বিদ্যুৎ সংযোগ কৰি হাতী হত্যা কৰা ৰচেন দেউৰীয়ে শিমলা আৰক্ষী থানাত আত্মসমৰ্পন কৰা বুলি জানিব পৰা গৈছে৷
আনহাতে তামুলপুৰৰ ২নং ডোঙাৰগাঁৱত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন লো। পথাৰত ধান চাবলৈ যাওঁতে হঠাৎ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে লুবিন হেম্বৰম নামৰ লোকজনক আক্ৰমণত কৰাত ভৰি ভাঙি যোৱাৰ লগতে গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়৷ উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ এটা জাকে বৃহস্পতিবাৰে আবেলিৰ পৰাই গাঁওখনৰ আশে পাশে অৱস্থান কৰি আছিল আৰু তেতিয়াই লোকজনক দেখি আক্ৰমণ কৰে হাতীটোৱে। নিশাই লুবিন হেম্বৰম নামৰ লোকজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|