শোণিতপুৰত এসপ্তাহৰ ভিতৰতে দুুটাকৈ বন্যহস্তীৰ মৃত্যু

হাতীৰ পোৱালিটোৰ মৃত্যুৰ চাৰিদিন পিছতে চাৰিদুৱাৰ তৰাজানৰ এখন ধাননি পথাৰৰ মাজত মৃত অৱস্থাত উদ্ধাৰ হয় এটা বন্যহস্তী৷
হাতীৰ পোৱালিটোৰ মৃত্যুৰ চাৰিদিন পিছতে চাৰিদুৱাৰ তৰাজানৰ এখন ধাননি পথাৰৰ মাজত মৃত অৱস্থাত উদ্ধাৰ হয় এটা বন্যহস্তী৷
- News18 Assam
- Last Updated: October 13, 2020, 9:13 AM IST
হাতীৰ পোৱালিটোৰ মৃত্যুৰ চাৰিদিন পিছতে চাৰিদুৱাৰ তৰাজানৰ এখন ধাননি পথাৰৰ মাজত মৃত অৱস্থাত উদ্ধাৰ হয় এটা বন্যহস্তী৷ বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল বন্যহস্তীটো৷
একেদৰে বন্যহস্তীৰ আক্ৰমণত দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে৷ একাংশ বনদস্যুৱে বনাঞ্চল কাটি তহিলং কৰাৰ ফলত এতিয়া খাদ্যৰ অভাৱত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷ বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে গাঁও অঞ্চলত প্ৰৱেশ কৰি কৃষক ৰাইজৰ ধাননি পথাৰ তহিলং কৰিছে৷