• Home
  • »
  • News
  • »
  • assam
  • »
  • দিন দুপৰতে ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কেচ বক্সৰ পৰা দুৰ্বৃত্তই লুটি নিলে চাৰি লক্ষাধিক টকা

দিন দুপৰতে ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কেচ বক্সৰ পৰা দুৰ্বৃত্তই লুটি নিলে চাৰি লক্ষাধিক টকা

ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে।

ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে।

ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে।

  • Share this:
মৰিয়নিৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা দুৰ্বৃত্তই লুটিলে চাৰি লক্ষাধিক টকা। মৰিয়নি নগৰৰ মাজ মজিয়াত অৱস্থিত এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা দেওবাৰে সন্ধিয়া দুই দুৰ্বৃত্তই কেছ বক্সৰ পৰা চাৰি লক্ষাধিক টকা লৈ উধাও হোৱা ঘটনাই মৰিয়নিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৰিয়নি নগৰৰ মাজ মজিয়াত থকা জয় বজৰং পান ভাণ্ডাৰখনৰগৰাকী দুৰ্গা গোস্বামী দোকানৰ পৰা ক্ষন্তেক সময়ৰ বাবে ওলাই যোৱাৰ সময়তে দোকানৰ ভিতৰত প্ৰৱেশ কৰে দুজন যুৱক। মুখত মাস্ক পৰিধান কৰি থকা এজন যুৱকে দোকানৰ কেছ বক্স খুলি চাৰি লাখ টকা লুট কৰি উধাও হয়।

আনহাতে দুই যুৱক এখন ই ৰিক্সাৰে আহি দোকাখনৰ সন্মুখত উপস্থিত হোৱাৰ লগতে ধন লুটৰ সমগ্ৰ ঘটনা দোকানত সংযোগ হৈ থকা চি চি টিভি কেমেৰাত আৱদ্ধ হৈ ৰয়। ইফালে ঘটনাৰ খবৰ লাভ কৰি তিতাবৰ মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস আৰু মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া তিলক বৰা ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে যদিও দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। আনহাতে ধন লুটৰ ঘটনাই মৰিয়নিত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি