ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা যুৱক-যুৱতীয়ে সংগঠনটোত যোগদানৰ খবৰ পোহৰলৈ আহিছে।
ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা যুৱক-যুৱতীয়ে সংগঠনটোত যোগদানৰ খবৰ পোহৰলৈ আহিছে।
ৰাজ্যত আলফা স্বাধীনত যোগদানৰ ঢৌ উঠা সময়তে চৰাইদেউ জিলাৰ সোণাৰিত দুজনকৈ আলফা স্বাধীনৰ সক্ৰিয় লিংকমেন চৰাইদেউ আৰক্ষীয়ে আটক কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
আটকাধীন যুৱক দুজনক সাপেখাতীৰ ধুনীয়া পথাৰ অঞ্চলৰ দেৱজিৎ ভূঞা (৩৩) আৰু ১ নং হাওফাও গাঁৱৰ মিঠু বৰুৱা (৩১) বুলি চিনাক্ত কৰা হৈছে। আলফা স্বাধীনৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বৰ লগতে আন আন সদস্যৰ লগত যোগাযোগ ৰখাৰ অভিযোগত আৰক্ষীয়ে যুৱকদ্বয়ক কালি নিজ নিজ গৃহৰ পৰা আটক কৰি সম্প্ৰতি সোণাৰি আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে বিগত কেইটামান দিনত আলফা স্বাধীনৰ কাৰ্যকলাপ অধিক সক্ৰিয় হৈ উঠাৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা যুৱক-যুৱতীয়ে সংগঠনটোত যোগদানৰ খবৰ পোহৰলৈ আহিছে। তেনে সময়তে আজি আলফা স্বাধীনৰ সদস্যৰ লগত যোগাযোগ ৰখাৰ সন্দেহত দুই যুৱকক আটক কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|