নৱগঠিত উগ্ৰপন্থী সংগঠন ইউ এল বিৰ বিৰুদ্ধে তীব্ৰ হৈ উঠিছে আৰক্ষীৰ অভিযান৷ কোকৰাঝাৰত কালি তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছত বাক্সাতো উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰ কৰি তুলিছে৷ জিলাখনৰ দেওচুঙা, গোৰেশ্বৰ, নাগ্ৰীজুলি, কুমাৰীকাটা আৰু শুৱাগপুৰত ইউ এল বিৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে দুই ইউ এল বি কেডাৰক৷
আটকাধীন সদস্য দুজন ক্ৰমে ওদালগুৰি জিলাৰ দেউচুঙাৰ দীপক থাপা (৩৬ ) আৰু বাক্সাৰ দাওৰাঝাৰ গৈবাৰীৰ দাংচৌৰাং বসুমতাৰী (২১) ওৰফে চেৰ্পা। অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা গ্ৰেনেড, ৭টা ম’বাইল ফোন, ধনদাবী পত্ৰৰ লগতে বহু আপত্তিজনক সামগ্ৰী৷
বৰ্তমান গোৰেশ্বৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে মাৰাথন জেৰা৷ উল্লেখযোগ্য যে নৱগঠিত উগ্ৰপন্থী সংগঠনটোৱে আত্মপ্ৰকাশ কৰিয়ে অহা অক্টোবৰ মাহত ৰাজ্যৰ বিভিন্ন স্থানত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান কৰিছিল৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|