• Home
  • »
  • News
  • »
  • assam
  • »
  • Ukrainian Nationals: কৰিমগঞ্জৰ বদৰপুৰ ৰে'ল ষ্টেচনত আটক ইউক্ৰেইনৰ দুই নাগৰিক

Ukrainian Nationals: কৰিমগঞ্জৰ বদৰপুৰ ৰে'ল ষ্টেচনত আটক ইউক্ৰেইনৰ দুই নাগৰিক

ৰে'ল আৰক্ষীৰ সূত্ৰ অনুসৰি, ত্ৰিপুৰাৰ পৰা আহি আছিল তেওঁলোক।

ৰে'ল আৰক্ষীৰ সূত্ৰ অনুসৰি, ত্ৰিপুৰাৰ পৰা আহি আছিল তেওঁলোক।

ৰে'ল আৰক্ষীৰ সূত্ৰ অনুসৰি, ত্ৰিপুৰাৰ পৰা আহি আছিল তেওঁলোক।

  • Share this:
কৰিমগঞ্জৰ বদৰপুৰ ৰে'ল ষ্টেচনৰ পৰা আটক কৰা হৈছে দুই ইউক্ৰেইনৰ নাগৰিকক। বৈধ ভিছা আৰু পাছপ’ৰ্ট নথকা বাবে বদৰপুৰ ৰেল ষ্টেচনত (Badarpur railway station) নিয়মীয়া তালাচীৰ সময়ত বদৰপুৰ ৰেল আৰক্ষীয়ে দুই ইউক্ৰেইনৰ নাগৰিকক ( Ukrainian nationals) আটক কৰে।

বৃহস্পতিবাৰে সন্ধিয়া ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ ট্ৰেইনৰে অহা অৱস্থাত আটক কৰা এই দুই বিদেশী নাগৰিক হৈছে ক্ৰিছচিনস্কি ভলোডিমিৰ (৩৯) আৰু নাজাৰী ভোজনিউক (২১)।

ৰে'ল আৰক্ষীৰ সূত্ৰ অনুসৰি, ত্ৰিপুৰাৰ (Tripura) পৰা আহি আছিল তেওঁলোক। আটকধীন দুয়োজনৰ লগত উদ্ধাৰ কৰা হৈছে বাংলাদেশী টকা। ফেব্ৰুৱাৰীত বাংলাদেশলৈ অহা ইউক্ৰেইনৰ যুৱকদ্বয়ে যাত্ৰাপথতে পাছপ'ৰ্ট হেৰুৱাই বুলিও আৰক্ষীক জানিবলৈ দিয়ে।

আৰক্ষীয়ে বিদেশী দুজনৰ বিষয়ে দিল্লীস্থিত ইউক্রেইনৰ ৰাষ্ট্ৰদূতৰ সৈতে যোগাযোগ অব্যাহত ৰাখি দুয়োগৰাকীয়ে ভাৰতলৈ অহা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।
Published by:Gautam Barman
First published: