যোৰহাট নগৰত নিশা চুৰি কৰিবলৈ আহি জন্মদিনৰ পাৰ্টি কৰা দুটা চোৰৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল। যোৱা মঙলবাৰৰ নিশা নগৰৰ মনীষা বেকাৰিত চুৰি কৰিবলৈ আহি হাতত কেক লৈ নৃত্য কৰিছিল দুটা চোৰে। সেই দৃশ্য বেকাৰিৰ চিচি কেমেৰাত বন্দী হৈ ৰৈছিল। বৃহস্পতিবাৰে নিশা যোৰহাট নগৰ আৰক্ষীয়ে গোলাঘাট আৰক্ষীৰ সহযোগত গোলাঘাটত এই চোৰ দুটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত চোৰ দুটা হ’ল যোৰহাট নগৰৰ ৰয়েল ৰোডৰ গিটলু গগৈ আৰু গোলাঘাটৰ সঞ্জয় পাটনায়ক।
ধৃত চোৰ দুটাৰ পৰা আৰক্ষীয়ে চুৰি কৰি নিয়া এটা মোবাইল ফোনো উদ্ধাৰ কৰিছে। চোৰ দুটাৰ তেনে কাণ্ডই সামাজিক মাধ্যমত বহুতৰে মাজত হাঁহিৰ খোৰাক যোগাইছিল। সেয়েহে যোৰহাট আৰক্ষীয়েও ধৃত চোৰ দুটাক আটক কৰি সামাজিক মাধ্যমৰ জৰিয়তে চোৰ দুটাই এতিয়া যোৰহাট থানাৰ লকআপত জন্মদিন উদযাপন কৰিব লাগিব বুলি প্ৰকাশ কৰিছে । যোৰহাট নগৰ অঞ্চলত চোৰৰ দলৰ টিঘিলঘিলনিয়ে কিন্তু ৰাইজক বাৰুকৈয়ে চিন্তাত পেলাইছে। আৰক্ষীয়ে চোৰ দুটাক গ্ৰেপ্তাৰ কৰাৰ পাছত অঞ্চলবাসীয়ে হয়তো কিছু সকাহ পাব।
Published by: Sehnaz Begum
FIRST PUBLISHED : May 26, 2023, 08:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।