உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সোণাৰিত চোৰৰ টিঘিলঘিলনি, বাইক চুৰি কৰিবলৈ আহি জালত পৰিল দুই চোৰ

    সোণাৰিত চোৰৰ টিঘিলঘিলনি, বাইক চুৰি কৰিবলৈ আহি জালত পৰিল দুই চোৰ

    যোৱানিশা সোণাৰিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা বাইক চুৰ কৰিবলৈ আহি ধৰা পৰিল দুই নগা যুৱক।

    যোৱানিশা সোণাৰিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা বাইক চুৰ কৰিবলৈ আহি ধৰা পৰিল দুই নগা যুৱক।

    যোৱানিশা সোণাৰিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা বাইক চুৰ কৰিবলৈ আহি ধৰা পৰিল দুই নগা যুৱক।

    • Share this:
    চৰাইদেউ জিলাৰ সদৰ সোণাৰিত চোৰৰ আতংক অব্যাহত আছে। বিগত কিছু দিনত চোৰৰ উৎপাতত ত্ৰাহি মধুসুধন সুঁৱৰিছে সোণাৰিৰ ৰাইজ তথা আৰক্ষী বিভাগে। বিগত কেইদিনৰ ভিতৰত দিন দুপৰতে সোণাৰি নগৰৰ পৰা কেইবাখনো বাইক চোৰে নিয়াৰ বিপৰীতে নগৰৰ দৈনিক বজাৰৰ মদিনা মাৰ্কেটৰ সন্মুখৰ পৰা কেইবাখনো বাইচাইকেল চোৰে  লৈ উধাও হয়।

    ইয়াৰ উপৰিও কলেজৰ সন্মুখৰ পৰাও চোৰে চাইকেল চুৰি কৰি নিব ধৰিছে। দৈনিক বজাৰৰ পৰা নিতৌ দুই এখন চাইকেল চুৰি হৈ থাকে বুলি জানিব পৰা গৈছে। সাধাৰণতে চাইকেল চুৰি হ'লে খুব কম সংখ্যক লোকেহে আৰক্ষীক অৱগত কৰে। মুঠৰ উপৰত সোণাৰি নগৰত চোৰে এটা নেটৱৰ্ক গঢ়ি তুলিছে।

    যোৱানিশা সোণাৰিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা বাইক চুৰ কৰিবলৈ আহি ধৰা পৰিল দুই নগা যুৱক। সোণাৰি পৌৰসভাৰ ছুপাৰ মাৰ্কেটৰ পৰা বাইক চুৰি কৰিবলৈ চেষ্টা কৰোতেই ধৰা পৰিল নগা যুৱক দুজন। প্ৰত্যক্ষদৰ্শী ৰাইজে কৰায়ত্ত কৰিবলৈ লওঁতেই পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে আটক নগা যুৱকদ্বয়ক। আটকাধীন যুৱকদ্বয়ৰ নাম লেইয়হ কন্যাক আৰু য়াংঘাট কন্যাক। দুয়োজনৰ ঘৰ চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ টিজিতৰ জামখাম বস্তিত বুলি জানিব পৰা গৈছে।

    মন কৰিবলগীয়া বিগত কেইটামান দিনত সোণাৰিত কেইবাটাও চুৰি কাণ্ড সংঘটিত হৈছে আৰক্ষীৰ চকুৰ সন্মুখতে। প্ৰতিদিনে সোণাৰি নগৰত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা দি ৰখাৰ পাছতো চোৰৰ টিঘিলঘিলনি বৃদ্ধি পোৱা কাৰ্যই আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা ছবি উদঙাইছে।
    Published by:Sanjay Kumar Das
    First published: