চৰাইদেউ জিলাৰ সোণাৰিৰ টাওকাক নদীত শনিবাৰে সন্ধিয়া গা ধুবলৈ গৈ সন্ধানহীন হোৱা দুই কিশোৰৰ এজনৰ মৃতদেহ আজি উদ্ধাৰ হয়। ঘটনাস্থলীৰ পৰা প্ৰায় সাত কিলোমিটাৰ আঁতৰত থকা সোণাৰিৰ সমীপৱৰ্তী গুজিবিল অঞ্চলত উদ্ধাৰ হয় সঞ্জয় সৰকাৰ নামৰ কিশোৰটিৰ মৃতদেহ।
শনিবাৰৰ বিয়লি সোণাৰি নগৰৰ ভবানীপুৰত টাওকাক নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল সঞ্জয় সৰকাৰ আৰু ৰজত দাস নামৰ কিশোৰ দুটা। ছয় সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল কিশোৰ দুটি। আজি গুজিবিল অঞ্চলত টাওকাক নদীত এটি মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে। পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সঞ্জয় সৰকাৰ নামৰ কিশোৰটিৰ মৃতদেহ চিনাক্ত কৰে।
লগে লগে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সন্ধনহীন হোৱা ৰজত দাস নামৰ আনটি শিশুৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষী তথা এছডিআৰএফৰ লোকে। ভৱানীপুৰ অঞ্চলৰ নিবাসী দিলিপ সৰকাৰৰ কনিষ্ঠ পুত্ৰ তথা সোণাৰি হাজী অচিমুদ্দিন মেম'ৰিয়েল মিছন স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ সঞ্জয় সৰকাৰৰ মৃত্যুত সমগ্র অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|