মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গৰু এৰাল দিয়াৰ বাবে গৈ উভতি নাহিল অভয়াখুঁটিৰ দুই কিশোৰী, গছত ওলমি থকা অৱস্থাত উদ্ধাৰে সৃষ্টি কৰিছে চাঞ্চল্য

গৰু এৰাল দিয়াৰ বাবে গৈ উভতি নাহিল অভয়াখুঁটিৰ দুই কিশোৰী, গছত ওলমি থকা অৱস্থাত উদ্ধাৰে সৃষ্টি কৰিছে চাঞ্চল্য

News18 Assam | News18-Assam
Updated:June 12, 2021, 11:13 PM IST
গৰু এৰাল দিয়াৰ বাবে গৈ উভতি নাহিল অভয়াখুঁটিৰ দুই কিশোৰী, গছত ওলমি থকা অৱস্থাত উদ্ধাৰে সৃষ্টি কৰিছে চাঞ্চল্য
ঘটনাক কোকৰাঝাৰ আঞ্চলিক নিখিল ৰাভা আঞ্চলিক ছাত্ৰ সন্থাই গৰিহণা দি দোষীৰ দৃষ্টান্তমূলক শাস্তি কামনা কৰিছে৷

ঘটনাক কোকৰাঝাৰ আঞ্চলিক নিখিল ৰাভা আঞ্চলিক ছাত্ৰ সন্থাই গৰিহণা দি দোষীৰ দৃষ্টান্তমূলক শাস্তি কামনা কৰিছে৷

  • Share this:

কোৰোণাৰ সংকটকাল আৰু সান্ধ্য আইনৰ মাজতে কোকৰাঝাৰ জিলাৰ অভয়াখুঁটি গাঁৱত সংঘটিত হৈছে এক সন্দেহজনক ঘটনা৷ গাঁওখনৰ সম্পৰ্কীয় দুই কিশোৰীৰ মৃতদেহ গাঁওখনৰ এটা পাহাৰৰ টিলাৰ নামনিত থকা এজোপা আমগছৰ এডাল ডালত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাত গাঁওখনৰ লগতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷


ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আজি সাংবাদিকৰ আগত দিয়া বিৱৰণী মতে দৰিদ্ৰ পৰিয়াল দুটাৰ প্ৰায়কেইজন সদস্যই দিনহাজিৰা কৰি কোনোৰকমে দুবেলা-দুমুঠি যোগাৰ কৰি চলে৷ আনদিনাৰ দৰে কালিও কিশোৰী দুগৰাকীৰ বাহিৰে আনসকল খেতিপথাৰলৈ বুলি ওলাই গৈছিল৷


দুপৰীয়া আঢ়ৈটামান বজাত ঘৰৰ ওচৰতে থকা পাহাৰৰ নামনিৰ ফালে কিশোৰী দুগৰাকীয়ে আন দিনাৰ দৰে গৰু এৰাল দিয়াৰ বাবে ওলাই গৈছিল৷ আগে-পিছেও তেনেকুৱাই কৰে আৰু পুনৰ উভতি আহে৷ কিন্তু কালি যেন কিছু ব্যতিক্ৰম আছিল৷ কিয়নো আবেলি চাৰি বজালৈকে কিশোৰী দুগৰাকী ঘৰলৈ উভতি অহা নাছিল৷ তথাপি আনদিনাও যিহেতু আহে তেনেকৈয়ে উভতি আহিব বুলি ভাবি আছিল পৰিয়ালৰ লোকে।



পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, সন্ধিয়া প্ৰায় পাঁচমান বজাত দুয়োগৰাকীক পাহাৰৰ নামনিৰ এজোপা আমগছৰ এটা ডালত একেলগে চিপ লৈ ওলমি থকা বুলি খবৰ পোৱাৰ পিছতহে পৰিয়াল দুটাৰ মাজত আৰু গাঁওখনত হুৱা-দুৱা লাগে। পৰিয়ালৰ ভাষ্য মতে, নিজৰ জীৱনক শেষ কৰি ল'বলগীয়া কোনো কাৰণ নাইবা পৰিৱেশৰ উদ্ভৱ হোৱা নাছিল৷


 এনে অৱস্থাত কিশোৰী দুগৰাকীয়ে আত্মহত্যা কৰিলে নে  ধৰ্ষণৰ বলি হৈছে তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰে৷ সাংবাদিকৰ আগত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে সমগ্ৰ ঘটনাটো আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই নিৰীক্ষণ কৰি আছে৷ আত্মহত্যা নে হত্যা এয়া এতিয়াই কোৱাটো কঠিন৷  ঘটনাক কোকৰাঝাৰ আঞ্চলিক নিখিল ৰাভা আঞ্চলিক ছাত্ৰ সন্থাই কঠোৰ ভাষাৰে গৰিহণা দি দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ কামনা কৰিছে৷


উল্লেখ্য যে আমগছৰ একেটা ডালতে সন্দেহজনকভাৱে চিপ লৈ ওলমি থকা অৱস্থাত উদ্বাৰ হোৱা কিশোৰী দুগৰাকীক ক্ৰমে ৰবিতা ৰাভা (১৬) আৰু ছমাইনা ৰাভা (১৪) বুলি চিনাক্ত কৰা হৈছে৷

Published by: Gautam Barman
First published: June 12, 2021, 11:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি