
স্থানীয় ৰাইজৰ লগতে আৰক্ষীয়ে নদীখনত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
স্থানীয় ৰাইজৰ লগতে আৰক্ষীয়ে নদীখনত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
সোণাৰি নগৰৰ ভৱানীপুৰত শনিবাৰে বিয়লি টাউকাক নদীত গা ধুৱলৈ গৈ সন্ধনহীন হয় দুজন কিশোৰ । জানিব পৰা মতে, ছয়জন সমনীয়াৰ সৈতে সন্ধিয়া পৰত নদীত গা ধুই থকা সময়তে দুজন কিশোৰ ক্ৰমে সঞ্জয় সৰকাৰ আৰু ৰজত দাস পানী লৈ পিছলি যোৱাত নদীৰ সোতত উটি যায়। আন সতীৰ্থসকলে উদ্ধাৰ বাবে চিঞৰ–বাখৰ কৰে যদিও জনশূন্য নদীৰ ঘাটত সতীৰ্থ সকলৰ চকুৰ সন্মুখতে দুই কিশোৰ নদীৰ পানীত উটি যায়। ৰজত দাস সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আৰু সঞ্জয় সৰকাৰ সোণাৰি হাজী অচিমুদ্দিন মিচন স্কুলৰ ছাত্ৰ। স্থানীয় ৰাইজৰ লগতে আৰক্ষীয়ে নদীখনত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|