• Home
  • »
  • News
  • »
  • assam
  • »
  • গোপন ধনৰ সন্ধানত গুৱাহাটীৰ কাৰ্বি শ্মশানত নিশা পূজা কৰা দুই তান্ত্ৰিকক আটক স্থানীয় ৰাইজৰ

গোপন ধনৰ সন্ধানত গুৱাহাটীৰ কাৰ্বি শ্মশানত নিশা পূজা কৰা দুই তান্ত্ৰিকক আটক স্থানীয় ৰাইজৰ

তান্ত্ৰিক দুজনে নিশা ১২ বজাৰ পিছত শ্মশানত হাড়, লাওখোলা, চুলিৰে জুই ধৰিছিল।

তান্ত্ৰিক দুজনে নিশা ১২ বজাৰ পিছত শ্মশানত হাড়, লাওখোলা, চুলিৰে জুই ধৰিছিল।

তান্ত্ৰিক দুজনে নিশা ১২ বজাৰ পিছত শ্মশানত হাড়, লাওখোলা, চুলিৰে জুই ধৰিছিল।

  • Share this:
গোপন ধনৰ সন্ধানত গুৱাহাটীৰ কাৰ্বি শ্মশানত নিশা পূজা দিলে দুই তান্ত্ৰিকে। তান্ত্ৰিক দুজনে নিশা ১২ বজাৰ পিছত শ্মশানত হাড়, লাওখোলা, চুলিৰে জুই ধৰিছিল। জুই দেখি ওচৰ চুবুৰীয়া ওলাই আহিল। লখৰাকোনাতস্থিত সৰুসজাই শ্মশানত নিশা বহিঃৰাজ্যৰ পৰা অহা দুই তান্ত্ৰিকক ৰাইজে বান্ধি ৰাখে।

জানিব পৰা মতে, তান্ত্ৰিক দুজন পশ্চিম বংগৰ পৰা আহিছিল। স্বপন দে নামৰ তান্ত্ৰিকজনৰ লগত মেঘালয়ৰ আন এজন ব্যক্তি আহিছিল।

উল্লেখযোগ্য যে, দীপক কলিতা নামৰ লোক এজনে তান্ত্ৰিক দুুজনক আনিছিল। ইতিমধ্যে, গড়চুক আৰক্ষীয়ে তান্ত্ৰিক দুজনৰ পৰা ML05N0367 নম্বৰৰ টটা বোল্ট জব্দ কৰিছে। লগতে As01BU9379 নম্বৰৰ হোণ্ডা চাইন বাহন এখনো উদ্ধাৰ কৰিছে। ইফালে, নিশা এনেদৰে পূজা হোৱাক লৈ অঞ্চলটোৰ কাৰ্বি সমাজ ত্ৰস্তমান হৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি