আফগানিস্থানত তালিবানৰ উত্থানৰ পিছতেই দেশজুৰি সামাজিক মাধ্যমত তালিবানী সমৰ্থকৰ মন্তব্যৰ জোৱাৰ ৷ অসমতো ফেচবুক, হোৱাটছএপ আদি বিভিন্ন সামাজিক মাধ্যমত তালিবানৰ সমৰ্থনত বিভিন্নজনৰ মন্তব্যৰ জোৱাৰ ৷ এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰ তথা তালিবান সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে।
বৰপেটা জিলাতো তালিবানৰ সমৰ্থনত ফেচবুক বা আন সামাজিক মাধ্যমত মন্তব্য কৰাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ লয়। বৰপেটাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই তালিবানী সমৰ্থকক ৷ বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই তালিবানী সমৰ্থক মাজিদুল ইছলাম আৰু ফাৰুক হুছেইন খান ৷ মাজিদুল ইছলামৰ ঘৰ কলগাছিয়াৰ বালিকুৰি গাঁৱত ৷ ২৫ বছৰীয়া যুৱক মাজিদুলৰ পিতৃ ৰহমত উল্লাহ ৷
আনজন ফাৰুক হুছেইন খানৰ ঘৰ বৰপেটা থানাৰ অধীনৰ চেঙা সমষ্টিৰ অন্তৰ্গত হাঁহচৰা গাঁৱত ৷৩২ বছৰীয়া ফাৰুক হুছেইনৰ পিতৃৰ নাম আবুল হুছেইন খান ৷ তালিবানক সমৰ্থন কৰি ছ'চিয়েল মিডিয়া ফেচবুকত পোষ্ট কৰিছিল বৰপেটাৰ এই দুই যুৱকে ৷ বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নিৰ্দেশক্ৰমে দুই তালিবানী সমৰ্থকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|