মুখ্যপৃষ্ঠা »খবৰ »অসম »বঙাইগাঁৱৰ মাণিকপুৰত আৰক্ষীৰ অভিযানত আটক দুই সন্দেহজনক ট্ৰাক হাইজেকাৰ; পলাবলৈ চেষ্টা কৰোতেই দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত আন এজন

বঙাইগাঁৱৰ মাণিকপুৰত আৰক্ষীৰ অভিযানত আটক দুই সন্দেহজনক ট্ৰাক হাইজেকাৰ; পলাবলৈ চেষ্টা কৰোতেই দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত আন এজন

বিজনীৰ ডাঙাইগাঁৱত দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত আন এটা হাইজেকাৰক উদ্ধাৰ আৰক্ষীৰ

বিজনীৰ ডাঙাইগাঁৱত দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত আন এটা হাইজেকাৰক উদ্ধাৰ আৰক্ষীৰ

বিজনীৰ ডাঙাইগাঁৱত দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত আন এটা হাইজেকাৰক উদ্ধাৰ আৰক্ষীৰ

  • Share this:
বঙাইগাঁৱৰ মাণিকপুৰত শনিবাৰে নিশা আৰক্ষীয়ে এক অভিযান চলাই দুই ট্ৰাক হাইজেকাৰ আটক কৰে। আটকাধীন দুজনৰ এজন হৈছে ২নং ভাণ্ডাৰাৰ উছমান গণি আৰু আনজন বালাৰচৰ জুব্বাৰ আলী। ইয়াৰোপৰি, বিজনীৰ ডাঙাইগাঁৱত দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত আন এটা হাইজেকাৰকো উদ্ধাৰ কৰে আৰক্ষীয়ে।

ঘটনাস্থলীত এখন ট্ৰাক আৰু বাইকৰ মাজত সংঘৰ্ষ হৈছিল। আৰক্ষীয়ে AS18F5921 নম্বৰৰ বাইকখন উদ্ধাৰ কৰিছে। জানিব পৰা মতে, NL01L9557 নম্বৰৰ ট্ৰাকৰ সৈতে এই বাইকৰ সংঘৰ্ষ হৈছিল। উল্লেখ্য যে, বঙাইগাঁও জিলাত ২৫ নৱেম্বৰ আৰু ১ ডিচেম্বৰত সংঘটিত ট্ৰাক হাইজেকৰ ঘটনাত এই দলটো জড়িত থকাৰ অভিযোগ আৰক্ষীৰ।

ইফালে, আৰক্ষীৰ অভিযানৰ উমান পাই পলাবলৈ চেষ্টা চলাওতে নিহত হোৱা হাইজেকাৰটো কীৰ্তনপাৰাৰ ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে। নিহত ছহিদুল ইছলামে আৰক্ষীৰ অভিযানৰ মাজতে পলাবলৈ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি