• Home
  • »
  • News
  • »
  • assam
  • »
  • Suspected Jehadi Arrested: বৰপেটাৰ কালঝাৰত জেহাদী সন্দেহত গ্ৰেপ্তাৰ দুই যুৱক

Suspected Jehadi Arrested: বৰপেটাৰ কালঝাৰত জেহাদী সন্দেহত গ্ৰেপ্তাৰ দুই যুৱক

বৰপেটাত বিস্ফােৰকসহ জেহাদী সন্দেহত দুই যুৱক গ্ৰেপ্তাৰ ৷

বৰপেটাত বিস্ফােৰকসহ জেহাদী সন্দেহত দুই যুৱক গ্ৰেপ্তাৰ ৷

বৰপেটাত বিস্ফােৰকসহ জেহাদী সন্দেহত দুই যুৱক গ্ৰেপ্তাৰ ৷

  • Share this:
বৰপেটাৰ হাউলীৰ উত্তৰ কালঝাৰত আৰক্ষীৰ অভিযানত জেহাদী (Jehadi) সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে দুই যুৱকক ৷ ধৃত দুই যুৱক উত্তৰ কালঝাৰৰ মোকদ্দছ আলী আহমেদ আৰু জনীয়াৰ ছফিকুল ইছলাম ৷ ইপিনে ধৃত মোকদ্দছ আলীৰ ঘৰৰ সন্মুখৰ বাগিছাৰ পৰা হস্তনিৰ্মিত তিনিটা বোমা, ইলেক্ট্ৰ'নিক ডিটনেটৰ তিনিটা আৰু এক্সপ্লোছিভ নিঅ'জেন নাইনটিন চাৰিটা আৰু ৫টা মোবাইল জব্দ কৰে আৰক্ষীয়ে ৷ লক্ষ্যণীয়ভাৱে ধৃত দুই যুৱক সম্পৰ্কত ভিনিহিয়েক আৰু খুলশালীয়েক ৷

আজি বৰপেটা (Barpeta)ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড প্ৰদীপ শইকীয়াই এক সংবাদমেল যোগে এই তথ্য সদৰি কৰে ৷ পুৱতি নিশা বৰপেটা সদৰ থানাৰ ডিএছপি সমুদ্ৰ দত্ত বৰুৱাৰ নেত়ৃত্বত হাউলী আৰক্ষীয়ে অভিযান চলাই বিস্ফোৰকসহ জেহাদীৰ সন্দেহত দুই যুৱকক গ্ৰেপ্তাৰ কৰে ৷

লক্ষ্যণীয়ভাৱে ধৃত ছফিকুল ইছলাম পূৰ্বে জামাতুল মুজাহিদীন বাংলাদেশ চমুকৈ JMBৰে জড়িত আছিল ৷ JMBৰে জৰিত থকাৰ অভিযোগত ২০১৯ চনত ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল বৰপেটা আৰক্ষীয়ে ৷ পূৰ্বে JMB ৰে জড়িত ছফিকুল ইছলামে পুনৰ বৰপেটাত জেহাদৰ জাল বিয়পোৱা কাৰ্যত জৰিত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷
Published by:Manjumoni Borah
First published: