কোৰোণা মহামাৰীৰ বাবে বৰ্তমান ৰাজ্যজুৰি চলি আছে কাৰ্ফিউ। কিন্তু কাৰ্ফিউৰ মাজতেই চোৰে অব্যাহত ৰাখিছে চৌৰ্যবৃত্তি। কালি নিশা গৰুচোৰ কৰিবলৈ অহাৰ সন্দেহত গোলাঘাট জিলাৰ বৰপথাৰত ওপৰ লাংঠাত ৰাইজে কৰায়ত্ত কৰে দুজন নগা যুৱকক৷ গৰু চোৰৰ সন্দেহত স্থানীয় ৰাইজে উত্তম মধ্যম শোধায় নগা যুৱক দুজনক। উল্লেখ্য, কৰায়ত্ত কৰা ধৃত চোৰ দুজন নাগালেণ্ডৰ ভাণ্ডাৰি থানাৰ অন্তৰ্গত ফুটহিলচ এলেকাৰ ৷ এখন মাৰুতি ৮০০ আৰু এখন এল্ট' গাড়ীৰে গৰু চোৰ কৰিবলৈ অহাৰ কথা সদৰী কৰে স্থানীয় ৰাইজে ৷
দীৰ্ঘদিন ধৰি গৰু চোৰৰ এটা চক্ৰই এনেদৰে ব্যক্তিগত বাহনেৰে চুৰিকাৰ্য চলাই আহিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ সেয়েহে গাঁওখনত গাঁওৰক্ষী বাহিনীয়েও পহৰাৰ ব্যৱস্থা কৰিছিল। গাঁওৰক্ষী বাহিনীয়ে পহৰা দি থকা সময়তে পুৱতিনিশা প্ৰায় ৩ বজাত ৰাইজে চোৰ অহাৰ কথা জানিব পাৰি খেদি খেদি কৰায়ত্ত কৰে চোৰকেইটাক ৷ ইফালে, স্থানীয় যুৱকসকলক চোৰকেইটায়ো গাড়ীৰ পৰাই কেটেপা মাৰি আক্ৰমণ কৰে ৷ বৰ্তমান বৰপথাৰ আৰক্ষীৰ জিম্মাত আছে নগা গৰুচোৰকেইটা ৷ আনহাতে, নগা আৰক্ষীও বৰপথাৰ থানাত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ এই ঘটনাই বৰপথাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|