মহিলাৰ পৰা ২০ লাখ টকা লুটি গুৱাহাটীত আটক হ’ল দুই আৰক্ষী বিষয়া, এজন হোমগাৰ্ড

গুৱাহাটীৰ হোটেল তাজৰ সমীপত মিজোৰামৰ এগৰাকী মহিলাৰ পৰা লুটিছিল ২০ লাখ টকা।

News18-Assam
Updated:July 26, 2019, 11:56 AM IST
মহিলাৰ পৰা ২০ লাখ টকা লুটি গুৱাহাটীত আটক হ’ল দুই আৰক্ষী বিষয়া, এজন হোমগাৰ্ড
গুৱাহাটীৰ হোটেল তাজৰ সমীপত মিজোৰামৰ এগৰাকী মহিলাৰ পৰা লুটিছিল ২০ লাখ টকা।
News18-Assam
Updated: July 26, 2019, 11:56 AM IST
এগৰাকী মহিলাৰ পৰা ২০ লাখ লুটি আটক আৰক্ষীৰ দুই উপ–পৰিদৰ্শকৰ লগতে এজন গৃহৰক্ষী জোৱান। আটক হ’ল উপ–পৰিদৰ্শক জন পাথৰি আৰু প্ৰাঞ্জল বৰা। আটক হোৱা গৃহৰক্ষী জোৱানজনৰ নাম বিপুল হাজৰিকা। জন পাথৰি আৰু প্ৰাঞ্জল বৰা হাতীগাঁও থানাৰ উপ–পৰিদৰ্শক। আনহাতে বিপুল হাজৰিকা হ’ল দিছপুৰ থানাৰ হোমগাৰ্ড। গুৱাহাটীৰ হোটেল তাজৰ সমীপত মিজোৰামৰ এগৰাকী মহিলাৰ পৰা লুটিছিল ২০ লাখ টকা। এজন লোকৰ সৈতে জালনোট সৰবৰাহকাৰীক দিবলৈ মহিলাগৰাকীয়ে আনিছিল ধনখিনি। ২০ লাখ টকাৰ বিনিময়ত জালনোট সলনি কৰিবলৈ আহিছিল মহিলাগৰাকী। ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি ২০ লাখ টকা লুটি উধাও হৈছিল তিনিওজন।
আৰু চাওক পৰৱৰ্তী বাতৰি