ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা জাগীৰোড কলেজৰ দুই ছাত্ৰৰ, সন্ধান নাই ছাত্ৰীৰ

মৃত ছাত্ৰ দুজন জাগীৰোড কলেজৰ ৰঞ্জন ডেকা আৰু ভাৰ্গৱ ডেকা।

news18assam
Updated:June 10, 2019, 6:35 PM IST
ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা জাগীৰোড কলেজৰ দুই ছাত্ৰৰ, সন্ধান নাই ছাত্ৰীৰ
মৃত ছাত্ৰ দুজন জাগীৰোড কলেজৰ ৰঞ্জন ডেকা আৰু ভাৰ্গৱ ডেকা।
news18assam
Updated: June 10, 2019, 6:35 PM IST
মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা দুই কলেজীয়া ছাত্ৰৰ। মৃত ছাত্ৰ দুজন জাগীৰোড কলেজৰ ৰঞ্জন ডেকা আৰু ভাৰ্গৱ ডেকা। মৃত ৰঞ্জনৰ ঘৰ মৰিগাঁৱৰ গৌৰীপুৰত আৰু ভাৰ্গৱ ডেকাৰ ঘৰ মায়ঙৰ কালশিলাপাৰ গাঁৱত। এইপৰ্যন্ত সন্ধান ওলোৱা নাই লুইতত জাঁপ দিয়া চন্দ্ৰপুৰ কলেজৰ ছাত্ৰীগৰাকীৰ। NDRF–এ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। তাঁতীমাৰাৰ তপোবনত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। একেলগে ৫গৰাকী শিক্ষাৰ্থীয়ে ফুৰিবলৈ গৈছিল চন্দ্ৰপুৰত। তাৰ পিছতে তিনি শিক্ষাৰ্থীয়ে জাঁপ দিছিল ব্ৰহ্মপুত্ৰত। প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে ৰাইজে।
আৰু চাওক পৰৱৰ্তী বাতৰি