বৈঠালাংছ’ত বৰপানী নদীত গা ধুবলৈ গৈ দুই কিশোৰ সন্ধানহীন

News18 Assam | News18-Assam
Updated:February 22, 2021, 6:01 PM IST
বৈঠালাংছ’ত বৰপানী নদীত গা ধুবলৈ গৈ দুই কিশোৰ সন্ধানহীন
ৰবিন হাঞ্চে নামৰ বন্ধুজনক ডুব যোৱাৰ পৰা বচাবলৈ গৈ সন্ধানহীন হয় দুই কিশোৰ।

ৰবিন হাঞ্চে নামৰ বন্ধুজনক ডুব যোৱাৰ পৰা বচাবলৈ গৈ সন্ধানহীন হয় দুই কিশোৰ।

  • Share this:
বৈঠালাংছ’ত বৰপানী নৈত গা ধুবলৈ গৈ সন্ধানহীন দুজন  ছাত্ৰ। ছাত্ৰ দুজন অষ্টম শ্ৰেণীত অধ্যয়নৰত বিদ্যা চেনাৰ আৰু দশম শ্ৰেনীৰ সঞ্জয় চেনাৰ। ঘটনাটো সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ' থানাৰ ওমৰু অঞ্চলৰ ফুকুপডুবি ঘাটত। দেওবাৰে বন্ধুৰ সৈতে বৰপানী নৈত গা ধুব গৈছিল কিশোৰ দুজন। ৰবিন হাঞ্চে নামৰ বন্ধুজনক ডুব যোৱাৰ পৰা বচাবলৈ গৈ সন্ধানহীন হয় দুই কিশোৰ।

নিশা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছত আজি পুৱাৰ পৰা SDRFৰ সহযোগত  আৰক্ষীয়ে ছাত্ৰ দুজনৰ সন্ধানত বৰপানী নদীত উদ্ধাৰ অভিযান চলাই যদিও কোনো সম্ভেদ লাভ কৰা নাই।
Published by: Sanjay Kumar Das
First published: February 22, 2021, 6:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি