ৰাজ্যত পুনৰ জাপানীজ এনচেফেলাইটিছে প্ৰাণ ল’লে দুজনৰ

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় লেখাপানীৰ উদয়পুৰৰ এজন ছাত্ৰৰ। ঢেকীয়াজুলিৰ ঠেলামৰাতো এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে এঘৰাকী ছাত্ৰীৰ।

News18-Assam
Updated:August 9, 2019, 10:41 AM IST
ৰাজ্যত পুনৰ জাপানীজ এনচেফেলাইটিছে প্ৰাণ ল’লে দুজনৰ
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় লেখাপানীৰ উদয়পুৰৰ এজন ছাত্ৰৰ। ঢেকীয়াজুলিৰ ঠেলামৰাতো এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে এঘৰাকী ছাত্ৰীৰ।
News18-Assam
Updated: August 9, 2019, 10:41 AM IST
ৰাজ্যত অব্যাহত আছে জাপানীজ এনচেফেলাইটিছৰ সংহাৰী ৰূপ। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় লেখাপানীৰ উদয়পুৰৰ এজন ছাত্ৰৰ। আজি পুৱা মৃত্যু হয় অমন উপাধ্যায় নামৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনৰ। অমন ডুমডুমা নবোদয় বিদ্যালয়ৰ ছাত্ৰ আছিল। ২৬ জুলাইৰ পৰা অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল ছাত্ৰজন।

আনহাতে, ঢেকীয়াজুলিৰ ঠেলামৰাতো এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে এঘৰাকী ছাত্ৰীৰ। মৃত ছাত্ৰীগৰাকীৰ নাম পল্লৱী দাস। তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি