বোকাজানত ভয়ংকৰ দুৰ্ঘটনা, বলেৰ’ পিক–আপ আৰু অটোৰ সংঘৰ্ষত নিহত দুজন

গুৰুতৰভাৱে আহত তিনিওজন একেটা পৰিয়ালৰৰে সদস্য। বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত সৰোজ প্ৰসাদ, অমন প্ৰসাদ আৰু ছহিল প্ৰসাদক।

news18assam
Updated:June 6, 2019, 1:59 PM IST
বোকাজানত ভয়ংকৰ দুৰ্ঘটনা, বলেৰ’ পিক–আপ আৰু অটোৰ সংঘৰ্ষত নিহত দুজন
গুৰুতৰভাৱে আহত তিনিওজন একেটা পৰিয়ালৰৰে সদস্য। বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত সৰোজ প্ৰসাদ, অমন প্ৰসাদ আৰু ছহিল প্ৰসাদক।
news18assam
Updated: June 6, 2019, 1:59 PM IST
বোকাজানৰ বালিপথাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক। আন তিনিজন গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাটোত। জানিব পৰা মতে, আজি দিনৰ প্ৰায় ১১ বজাত বোকাজানৰ পৰা দেওপানী অভিমুখে গৈ থকা এখন অটোক মহতিয়াই নিয়ে এখন মহিন্দ্ৰা বলেৰ’ পিক–আপ গাড়ীয়ে। ফলত অটোখনৰ দুই আৰোহী থিতাতে নিহত হয়। নিহত দুজনৰ এজন অটোখনৰ চালক বিজয় চৌধুৰী আৰু আনজন যাত্ৰীৰ নাম জ্ঞান প্ৰসাদ। বোকাজান ৰে’ল ষ্টেচনৰ সহকাৰী অধীক্ষক আছিল জ্ঞান প্ৰসাদ। গুৰুতৰভাৱে আহত তিনিওজন একেটা পৰিয়ালৰৰে সদস্য। বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত সৰোজ প্ৰসাদ, অমন প্ৰসাদ আৰু ছহিল প্ৰসাদক। পিছত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয় আটাইকে।

আৰু চাওক পৰৱৰ্তী বাতৰি