চাবোনৰ বাকচত অনা হেৰইনখিনিৰ ওজন প্ৰায় ৪১২ গ্ৰাম বুলি আৰক্ষীয়ে কৰিছে প্ৰকাশ।
চাবোনৰ বাকচত অনা হেৰইনখিনিৰ ওজন প্ৰায় ৪১২ গ্ৰাম বুলি আৰক্ষীয়ে কৰিছে প্ৰকাশ।
অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে নিতৌ সফলতা লাভ কৰি থকাৰ পিছতো ড্ৰাগছ মাফিয়াই অব্যাহত ৰাখিছে ড্ৰাগছৰ বেহা। শেহতীয়াকৈ নিশা কাৰ্বি আংলঙত আৰক্ষীয়ে পুনৰ বুজন পৰিমানৰ হেৰ’ইন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে দুই সৰবৰাহকাৰীক।
জানিব পৰা মতে, বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান পহৰা চকীৰ সন্মুখত আৰক্ষীয়ে চলোৱা তালাচীৰ সময়ত MN-01AK-4789 নম্বৰৰ বলেৰ’ গাড়ীখনৰ বেক লাইটৰ চেম্বাৰৰ পৰা ৩০টা হেৰ’ইনভৰ্তি চাবোনৰ বাকছ জব্দ কৰে। চাবোনৰ বাকচত অনা হেৰইনখিনিৰ ওজন প্ৰায় ৪১২ গ্ৰাম বুলি আৰক্ষীয়ে কৰিছে প্ৰকাশ।
ইপিনে আৰক্ষীয়ে হেৰ’ইনসহ গাড়ীখন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে মণিপুৰৰ আমজাদ আলী আৰু আনিশ খান নামৰ দুই সৰবৰাহকাৰীক। ইফালে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত গাড়ীখন মণিপুৰৰ পৰা গুৱাহাটী যোৱাৰ লক্ষ্য আছিল বুলি জনা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|