বজালীৰ পাটাছাৰকুছিৰ ২ নং ৱাৰ্ডত সংঘটিত হৈছে এক ভয়ংকৰ চাঞ্চল্যকৰ ঘটনা! পিতৃ মাতৃ ঘৰত নথকা সময়ত দুজন অচিনাক্ত যুৱকে ঘৰৰ ভিতৰতে আক্রমণ কৰে দুগৰাকী যুৱতীক।
উল্লেখযোগ্য যে, ৰাসৰ আনন্দ উৎসৱৰ মাজতে পাটাছাৰকুছিৰ সংঘটিত হয় এই ভয়ংকৰ শিহৰণকাৰী ঘটনা। খবৰ অনুসৰি ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই পিছ দুৱাৰেদি তলা ভাঙি প্ৰৱেশ কৰিছিল খনীন শৰ্মাৰ বাসগৃহত। কিন্তু দুৰ্বৃত্তই গম পোৱা নাছিল ঘৰত তেওঁলোকৰ দুই জীয়ৰী থকা বুলি।
জানিব পৰা অনুসৰি, ১৮ আৰু ২২ বছৰীয়া দুয়োগৰাকী যুৱতী ঘৰৰ ভিতৰত অধ্যয়ন কৰি থকা সময়তে দুজন অচিনাক্ত যুৱকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্রৰে আক্ৰমণ কৰি আহত কৰে যুৱতী দুগৰাকীক। তাৰপিছত আহত দুয়ো ভগ্নীক পাঠশালা চিকিৎসালত ভৰ্তি কৰা হয়।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|