হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে কাজিৰঙালৈ গৌৰৱ কঢ়িয়াই আনিলে দুখন বিদ্যালয়ে। শংকৰদেৱ শিশু নিকেতন আৰু কঁহৰা ৰাইজিং ছান ইংলিছ স্কুলে গৌৰৱ কঢ়িয়াই আনিলে কাজিৰঙালৈ।
শংকৰদেৱ শিশু নিকেতন কাজিৰঙাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২৬ গৰাকী শিক্ষাৰ্থী। বিদ্যালয়খনৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'ল শিক্ষান্ত পৰীক্ষাত। ২৬গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৬ গৰাকী ডিষ্টিংচন আৰু ৩ গৰাকীয়ে ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হোৱাৰ সমান্তৰালকৈ প্ৰথম বিভাগত ১৮ গৰাকী, ২য় ৬ গৰাকী আৰু ৩য় বিভাগত ২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় (Assam HSLC Result 2022)।
আনহাতে, কাজিৰঙাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় কঁহৰা ৰাইজিং ছান ইংলিছ স্কুলৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ইয়াৰে ষ্টাৰ মাৰ্কসহ দুজন, প্ৰথম বিভাগত ৪ জন আৰু ২য় বিভাগত এজন উত্তীৰ্ণ হয়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|