• Home
  • »
  • News
  • »
  • assam
  • »
  • চামগুৰিত আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত, জব্দ এখন ছুইফ্ট ডিজায়াৰ গাড়ী

চামগুৰিত আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত, জব্দ এখন ছুইফ্ট ডিজায়াৰ গাড়ী

যোৱা ২১ আগষ্টত চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনা পহৰা চকীৰ এলেকাধীন ৰেকাপাহাৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডI

যোৱা ২১ আগষ্টত চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনা পহৰা চকীৰ এলেকাধীন ৰেকাপাহাৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডI

যোৱা ২১ আগষ্টত চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনা পহৰা চকীৰ এলেকাধীন ৰেকাপাহাৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডI

  • Share this:
আৰক্ষীৰ জালত পৰিল দুটাকৈ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ লগত জড়িত মজিবুৰ ৰহমান আৰু ইলিয়াছ খান নামৰ দুটা দুৰ্ধৰ্ষ ডকাইতI দুটাকৈ ডকাইতি কাণ্ডত জড়িত আছিল নগাঁৱৰ চামগুৰিৰ কাৱৈমাৰীৰ মজিবুৰ ৰহমান আৰু টেকেলিপুটাৰ ইলিয়াছ খানI কেলিডেন চাহ বাগানৰ চিচিটিভি ফুটেজ আৰু মোবাইল ট্ৰেকৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই শনিবাৰে পুৱতিনিশা প্ৰায় তিনি বজাত দুৰ্ধৰ্ষ ডকাইত ক্ৰমে মজিবুৰ ৰহমান আৰু ইলিয়াছ খানক ডকাইতি কাণ্ডত ব্যৱহৃত মজিবুৰৰ নামত পঞ্জীয়ন থকা AS 01AW 9542 নম্বৰৰ ছুইফ্ট গাড়ীসহ গুৱাহাটী খানাপাৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়I

যোৱা ২১ আগষ্টত চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনা পহৰা চকীৰ এলেকাধীন ৰেকাপাহাৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডI চালক আৰু হেণ্ডিমেনক  মাৰপিট কৰি ভৰি বান্ধি চাহপাত কঢ়িওৱা এখন বলেৰো পিকআপ ভান কাঢ়ি নিয়া সন্দৰ্ভভ চামগুৰি আৰক্ষী থানাত ৰুজু কৰা হৈছিল 373/2021 u/s 395 IPC নম্বৰৰ এটা গোচৰ।
অৱশেষত উক্ত ঘটনাৰ  লগত জড়িত দুৰ্ধৰ্ষ ডকাইত ক্ৰমে মজিবুৰ আৰু ইলিয়াছক  কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতত্বত চলোৱা কলিয়াবৰ, চামগুৰি আৰু খাটোৱাল আৰক্ষী থানাৰ যৌথ অভিযানত আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে যোৱা ৩১ জুলাইত ছয় জনীয়া এটা ডকাইতৰ দলে চামগুৰিৰ মিছাৰ পৰা এখন মটৰ চাইকেল লুট কৰিছিলI উক্ত ঘটনা সন্দৰ্ভত কলিয়াবৰ আৰক্ষী থানাত  51/2021 u/s 395 IPC নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিলI সেই ঘটনাৰে জড়িত চামগুৰি পুথিখাইটিৰ জেহিৰুল ইছলাম আছে সম্প্ৰতি মিছা আৰক্ষীৰ জিম্মাতI দুয়োটা ডকাইতি কাণ্ডৰে জড়িত মজিবুৰ আৰু ইলিয়াছক অধিক তথ্যৰ সন্ধানত বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ লগতে আন চাৰিটা পলাতক ডকাইতক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান।
Published by:Sanjay Kumar Das
First published: