• Home
  • »
  • News
  • »
  • assam
  • »
  • Hailakandi: দুৰ্বৃত্তৰ আক্ৰমণত হাইলাকান্দিত আহত দুগৰাকী আৰক্ষী জোৱান

Hailakandi: দুৰ্বৃত্তৰ আক্ৰমণত হাইলাকান্দিত আহত দুগৰাকী আৰক্ষী জোৱান

দুৰ্বৃত্তৰ আক্ৰমণত হাইলাকান্দিত আহত দুগৰাকী আৰক্ষী জোৱান । 

দুৰ্বৃত্তৰ আক্ৰমণত হাইলাকান্দিত আহত দুগৰাকী আৰক্ষী জোৱান । 

দুৰ্বৃত্তৰ আক্ৰমণত হাইলাকান্দিত আহত দুগৰাকী আৰক্ষী জোৱান । 

  • Share this:
ন্যায়ালয়ৰ পৰা অহা গোচৰৰ জাননী দিবলৈ গৈ অভিযুক্তৰ ৰোষত পৰিল দুই আৰক্ষী। হাইলাকান্দি (Hailakandi) জিলাৰ আলগাপুৰ এলেকাৰ বক্ৰিহাওৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। আলগাপুৰ আৰক্ষী চকীত কৰ্মৰত কনিষ্টবল আফতাব উদ্দিন লস্কৰ আৰু গৃহৰক্ষী জোৱান জিয়াউৰ ৰহমান বৰভূঞা সন্মুখীন হয় এই ঘটনাৰ।

ঘটনাৰ বিৱৰণী মতে, আজি বিয়লি ন্যায়ালয়ৰ  এখন জাননী লৈ গৈছিল স্থানীয় বক্ৰিহাওৰ এলেকাত। কিন্তু ঠিক সেই সময়ত জাননী প্ৰাপক মকদ্দছ আলী লস্কৰ, লাইলি বেগল লস্কৰ, ছুফিয়া বেগমৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকে আক্ৰমণ চলাই আৰক্ষী জোৱান দুগৰাকীৰ ওপৰত (Miscreant Attack Police)।

এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে কনিষ্টবল আফতাব উদ্দিন আৰু গৃহৰক্ষী জোৱান জিয়াউৰ ৰহমান। পিছত স্থানীয় ৰাইজৰ সহায়তাত কোনমতে পলাই আহিবলৈ সক্ষম হয় জোৱান দুজন। বৰ্তমানে আলগাপুৰ মডেল হাস্পতালত চিকিৎসাধীন হৈ আছে দুয়োগৰাকী জোৱান। এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে আলগাপুৰ এলেকাত।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি