আৰক্ষীৰ হাতত আৰক্ষী গ্ৰেপ্তাৰ! ধুবুৰীৰ গৌৰীপুৰ থানাত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক আৰু তদন্তকাৰী শাখাই বুধবাৰে নিশা অভিযান চলাই গৌৰীপুৰ থানাৰ OC সত্যজিৎ বৰঠাকুৰ আৰু নগৰ ASI আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, যোৱা আগষ্ট মাহত গৌৰীপুৰ আৰক্ষীয়ে জব্দ কৰিছিল এখন অভাৰলোড ডাম্পাৰ। পিছত ডাম্পাৰখন যাবলৈ দিয়াৰ নামত প্ৰথমে পাঁচ লাখ পিছত দুই লাখ টকাত বন্দবস্ত হয়।
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰ আৰু গৌৰীপুৰ নগৰ সহকাৰী উপ পৰিদৰ্শক আবুল কালাম আজাদৰে হোৱা চূড়ান্ত আলোচনাৰ পাছত বুধবাৰে নিশা প্ৰায় আঠ বজাত এক লাখ টকা মধ্যভোগীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰক আৰু সহকাৰী উপ-পৰিদৰ্শক কালামৰ হাতত দিয়ে।
ইপিনে যোৱা কালিৰে পৰা গৌৰীপুৰত বাহৰ পাতি থকা মুখ্যমন্ত্ৰীৰ দুনীতি নিবাৰক আৰু তদন্তকাৰী শাখাই উৎকোচ হিচাপে এক লাখ টকা লোৱাৰ পিছমূহুততেই অভিযান চলাই হাতে লোটে ধৰা পেলাই দুয়োজনকে। ধুবুৰীৰ আৰক্ষী অধিক্ষক আনন্দ মিশ্ৰাই আজিৰ এই ঘটনাৰ পিছত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশিলতাৰ কথা উল্লেখ কৰি কয়, ‘দুৰ্নীতি ধুবুৰী আৰক্ষীয়ে সহ্য নকৰে আৰু গ্ৰেপ্তাৰ হোৱা বিষয়া দুজনৰ বিৰুদ্ধে বহু প্ৰমাণ পোৱা গৈছে।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|