• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাই মোৰাঝাৰত ২১ লাখ টকা মূল্যৰ হাতীৰ দাঁতসহ দুই কুখ্যাত চোৰাং চিকাৰী গ্ৰেপ্তাৰ 

হোজাই মোৰাঝাৰত ২১ লাখ টকা মূল্যৰ হাতীৰ দাঁতসহ দুই কুখ্যাত চোৰাং চিকাৰী গ্ৰেপ্তাৰ 

এই চোৰাং ব্যৱসায়ৰ লগত আন তিনিজন লোকো জড়িত থকাৰ কথা স্বীকাৰ কৰিছে আটকাধীন লোককেইজনে।

এই চোৰাং ব্যৱসায়ৰ লগত আন তিনিজন লোকো জড়িত থকাৰ কথা স্বীকাৰ কৰিছে আটকাধীন লোককেইজনে।

এই চোৰাং ব্যৱসায়ৰ লগত আন তিনিজন লোকো জড়িত থকাৰ কথা স্বীকাৰ কৰিছে আটকাধীন লোককেইজনে।

  • Share this:
হোজাইৰ মোৰাঝাৰত বন বিভাগ আৰু আৰক্ষীৰ সফল অভিযানত ২১ লাখ টকা মূল্যৰ হাতীৰ দাঁতসহ গ্ৰেপ্তাৰ দুই চোৰাং চিকাৰী। হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত জয়নগৰৰ পৰা হাতীৰ দাঁতসহ দুই চোৰাং চিকাৰী গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী আৰু বন বিভাগে চলোৱা অভিযানত উদ্ধাৰ হোৱা হাতীৰ দাঁতটোৰ ওজন ৮০০ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ২১ লাখ টকা বুলি অনুমান কৰিছে হোজাইৰ DFO পুলক চৌধুৰীয়ে।

হোজাই বৰহলালৰ আব্দুল্লাহ আহমেদ আৰু স্বপুৰ গাঁৱৰ চৈয়ফ উদ্দিন নামৰ দুই দুৰ্ধৰ্ষ চোৰাং চিকাৰীয়ে ডিমাপুৰৰ পৰা আনিছিল হাতীৰ দাঁতটো। মোৰাঝাৰ জয়নগৰলৈ আনি বিক্ৰী কৰিবলৈ লওতে এক গোপন সূত্ৰৰ পম খেদি মোৰাঝাৰ আৰক্ষী আৰু বন বিভাগে অভিযান চলাই হাতীৰ দাঁতসহ আব্দুল্লাহ আহমেদ আৰু চৈয়ফ উদ্দিন নামৰ দুই কুখ্যাত চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম যদিও আৰু কেবাজন কুখ্যাত ব্যৱসায়ী পলায়ন কৰিবলৈ সক্ষম হয়।

এই চোৰাং ব্যৱসায়ৰ লগত আন তিনিজন লোকো জড়িত থকাৰ কথা স্বীকাৰ কৰিছে আটকাধীন লোককেইজনে। কিন্তু আৰক্ষী আৰু বন বিভাগৰ অভিযানৰ উমান পাই পলায়ন কৰে আন তিনিজন চোৰাং চিকাৰীয়ে। আৰক্ষীয়ে ঘটনাস্থলীত লোককেইজনৰ ম’বাইল ফোন, টৰ্চ লাইটসহ কিছু তথ্যপাতি উদ্ধাৰ কৰি দুয়োকে মাৰাথন জেৰা অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published: