আৰক্ষী বিষয়াক ঘপিয়াই আহত কৰা দুই চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

মঙলবাৰে নিশা বোকাখাতৰ লখৌজানত গঁড় চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়তে আৰক্ষীৰ বিষয়াজনক চোকা অস্ত্ৰৰে ঘপিয়াই আহত কৰিছিল চোৰাং চিকাৰীয়ে।

News18-Assam
Updated:October 3, 2019, 8:29 AM IST
আৰক্ষী বিষয়াক ঘপিয়াই আহত কৰা দুই চোৰাং চিকাৰীক গ্ৰেপ্তাৰ
মঙলবাৰে নিশা বোকাখাতৰ লখৌজানত গঁড় চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়তে আৰক্ষীৰ বিষয়াজনক চোকা অস্ত্ৰৰে ঘপিয়াই আহত কৰিছিল চোৰাং চিকাৰীয়ে।
News18-Assam
Updated: October 3, 2019, 8:29 AM IST
বোকাখাতৰ কমাৰগাঁও থানাৰ আৰক্ষী বিষয়া ময়ূৰজিৎ গগৈক ঘপিয়াই আহত কৰা দুই চোৰাং চিকাৰীক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী দুটাৰ নাম শচীন কৰ্মকাৰ আৰু শিৱা কৰ্মকাৰ। বোকাখাত থানাৰ সহকাৰী পৰিদৰ্শক দেৱেন বৰাৰ নেতৃত্বত চলা অভিযানত কমাৰগাঁও অঞ্চলৰ পৰা চোৰাং চিকাৰী দুটাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

মঙলবাৰে নিশা বোকাখাতৰ লখৌজানত গঁড় চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়তে আৰক্ষীৰ বিষয়াজনক চোকা অস্ত্ৰৰে ঘপিয়াই আহত কৰিছিল চোৰাং চিকাৰীয়ে। অভিযানত জব্দ হৈছিল এটা থ্ৰী নট থ্ৰী ৰাইফল আৰু সজীৱ গুলী।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি