ল'ক ডাউনৰ মাজতে মৰাণৰ সমীপৰ খোৱাং আৰক্ষী থানাৰ অন্তর্গত ১ নং মাধকলিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ এটি ১১ বছৰীয়া শিশুক নৃশংসভাৱে হত্যা কৰি ঘৰৰ ভিতৰতে পুতি থৈছিল দুই হত্যাকাৰীয়ে ৷ পাঁচ দিনৰ পিছত স্থানীয় লোকৰ তৎপৰতাত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
১ নং মাধকলি গাঁৱৰ দেৱলাল কালান্দিৰ পুত্ৰ অভিজিত কালান্দি যোৱা ২৬ মে'ৰ পৰা সন্ধানহীন হৈ আছিল ৷ পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও সন্ধান পোৱা নাছিল শিশুটিৰ ৷ ইয়াৰ মাজতে আজি একেখন গাঁৱৰে পৰমেশ্বৰ কেওটৰ বাসগৃহৰ পৰা দুৰ্গন্ধ ভাঁহি অহাত স্থানীয় লোকে সন্দেহবশতঃ আৰক্ষীক অৱগত কৰে ৷ খোৱাং আৰক্ষীৰ এটা দল উক্ত বাসগৃহত উপস্থিত হৈ ঘৰৰ ভিতৰতে পুতি থোৱা অৱস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে ৷ লগে লগে আৰক্ষীয়ে বাসগৃহটোৰ গৰাকী পৰমেশ্বৰ কেওট আৰু ভাতৃ ৰামু কেওটক গ্ৰেপ্তাৰ কৰে ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি দুয়ো ভাতৃয়ে উক্ত বাসগৃহত বসবাস কৰি আহিছিল ৷ নিচাযুক্ত দ্ৰব্য সেৱন কৰি দুই ভাতৃয়ে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে ৷
লক্ষণীয়ভাৱে হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতো বিগতে পাঁচটা দিনে মৃতদেহ পুতি ৰখা বাসগৃহটোতে আছিল দুই হত্যাকাৰী ভাতৃ ৷ হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই ৷ বৰ্তমান খোৱাং আৰক্ষীয়ে শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷