বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন দুই ৰোগীৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি

সোমবাৰে কোৰোণা আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পিছত দুয়োজন ৰোগীকে স্থানান্তৰ কৰা হয় কোভিড ৱাৰ্ডলৈ।
সোমবাৰে কোৰোণা আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পিছত দুয়োজন ৰোগীকে স্থানান্তৰ কৰা হয় কোভিড ৱাৰ্ডলৈ।
- News18 Assam
- Last Updated: June 9, 2020, 7:39 AM IST
বহিঃৰাজ্যৰ পৰা অহাৰ পিছত ছাদ্দাম আহমেদ কয়াকুছিত আৰু ইন্দ্ৰজিৎ ডেকা নগাঁৱত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল। কোৱাৰেণ্টাইন কেন্দ্ৰত থকা সময়ছোৱাত দুয়োজনৰ শৰীৰত দেখা দিছিল জ্বৰ, কাহ, চৰ্দি আদি ৰোগৰ লক্ষণ। ৩১ মে'ত দুয়োকে ভৰ্তি কৰোৱা হৈছিল বৰপেটা মেডিকেল কলেজ হাস্পতালৰ আইছ’লেচন ৱাৰ্ডত।
সোমবাৰে কোৰোণা আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পিছত দুয়োজন ৰোগীকে স্থানান্তৰ কৰা হয় কোভিড ৱাৰ্ডলৈ। দুয়োগৰাকী ৰোগী কোভিড–১৯ পজিটিভ বুলি ঘোষিত হোৱাৰ পিছতে হাহাকাৰ অৱস্থা বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰ। ৰোগী দুগৰাকীৰ সংস্পৰ্শলৈ অহা চিকিৎসকসহ প্ৰায় ৪০ গৰাকী স্বাস্থ্য কৰ্মীৰ আজিয়েই সংগ্ৰহ কৰা হয় নমুনা।