দুৰ্ঘটনাটোত কলগাছিয়া থানাৰ অন্তৰ্গত গুইলাজাৰৰ চায়েব আলী(২৬) আৰু আন এজন লোক থিতাতে নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয়৷
দুৰ্ঘটনাটোত কলগাছিয়া থানাৰ অন্তৰ্গত গুইলাজাৰৰ চায়েব আলী(২৬) আৰু আন এজন লোক থিতাতে নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয়৷
বৰপেটাৰ সৰভোগৰ পশ্চিম বৰনগৰ হাইস্কুল চ'কৰ সমীপত ৩১ৃনং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি ৫বজাত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়। পাতিলাদহাৰ পৰা গৰু কঢ়িয়াই অনা এখন টাটা মেজিক গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰাৰ ফলত পথ দুৰ্ঘটনাটো সংঘটিত হয়৷ গাড়ীখনত চালকসহ মুঠ ৬জন লোক আছিল৷ দুৰ্ঘটনাটোত কলগাছিয়া থানাৰ অন্তৰ্গত গুইলাজাৰৰ চায়েব আলী(২৬) আৰু আন এজন লোক থিতাতে নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয়৷ আহত লোক দুজনক সৰভোগৰ সমূহীয়া স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|