• Home
  • »
  • News
  • »
  • assam
  • »
  • মৰিয়নীৰ চাহ বাগিচাত পুনৰ গণপ্ৰহাৰ! দুজন লোকক গুৰুলা–গুৰুলকৈ প্ৰহাৰ

মৰিয়নীৰ চাহ বাগিচাত পুনৰ গণপ্ৰহাৰ! দুজন লোকক গুৰুলা–গুৰুলকৈ প্ৰহাৰ

দোষীক কৰায়ত্ত কৰা বাবে বাগিচালৈ নিশা আৰক্ষী যাবলৈ অমান্তি হোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে স্থানীয় ৰাইজ।

দোষীক কৰায়ত্ত কৰা বাবে বাগিচালৈ নিশা আৰক্ষী যাবলৈ অমান্তি হোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে স্থানীয় ৰাইজ।

দোষীক কৰায়ত্ত কৰা বাবে বাগিচালৈ নিশা আৰক্ষী যাবলৈ অমান্তি হোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে স্থানীয় ৰাইজ।

  • Share this:
মৰিয়নীৰ নকছাৰী বালিজান চাহ বাগিচাত একাংশ লোকে দুজন লোকক মাৰপিট কৰা ঘটনা সংঘটিত হোৱা পিছতে দোষীক গ্ৰেপ্তাৰৰ দাবীত নিশা স্থানীয় ৰাইজে দেৱেৰাপাৰ থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। সোমবাৰে সন্ধিয়া বালিজান চাহ বাগিচালৈ যোৱা লক্ষীৰাম দাস আৰু দিগন্ত দাস নামৰ লোক দুজনক বালিজান চাহ বাগিছাৰ ২৪নং লাইনত গেছ মাঝি নামৰ এজন যুৱকৰ নেতৃত্বত বাগিচাৰ একাংশ লোকে গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।

অভিযুক্ত যুৱকজনে বাগিচাৰ বাহিৰৰ মানুহ প্ৰৱেশ কৰাক লৈ কিছু সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰা পিছতে লোক দুজনক আক্ৰমণ কৰে। এই  ঘটনাত গুৰুতৰভাৱে আহত হয় লক্ষীৰাম দাস নামৰ পঞ্চাশোৰ্ধ্বৰ লোকজন। আনহাতে, দোষীক কৰায়ত্ত কৰা বাবে বাগিচালৈ নিশা আৰক্ষী যাবলৈ অমান্তি হোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে স্থানীয় ৰাইজ।

গাভৰুত দেৱাশিস গগৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে ধাৰাবাহিকভাৱে নকছাৰীৰ চাহ বাগিচা অঞ্চলত বাহিৰৰ লোকক ভয়–ভাবুকি দিয়া আৰু মাৰপিট কৰা ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ৭২ ঘণ্টাৰ ভিতৰতে নকছাৰী চাহ বাগিচা অঞ্চলত দুটা মাৰপিট আৰু ভাবুকি দিয়া ঘটনাৰ বিৰুদ্ধে দেৱেৰাপাৰ আৰক্ষী চকীত গোচৰ ৰুজু হৈছে। আনহাতে, চাহ বাগিছা আৰু গ্ৰামাঞ্চলৰ লোকৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ এটা দুষ্ট চক্ৰই উচতনি যোগোৱাৰ অভিযোগ তুলিছে বীৰ লাচিত সেনাৰ নকছাৰী আঞ্চলিক সমিতিয়ে।
First published: