হোজাইত হাৱালাৰ জৰিয়তে ধনৰ লেনদেন কৰি আৰক্ষীৰ জালত পৰিছে দুজন লোক।হোজাই থানাৰ টাউন উপ পৰিদৰ্শক বদন বৰাই পৃথক স্থানৰ পৰা দুজনক কৰিছে গ্ৰেপ্তাৰ।গ্ৰেপ্তাৰ কৰা হৈছে কালিবাৰী অঞ্চলৰ কৃষ্ণগোপাল বণিক ওৰফে মিহিৰ বণিক আৰু ৰামপুৰ বস্তিৰ মোহনলাল চৌধুৰীক।
উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে কৰিমগঞ্জ আৰক্ষীয়ে হাৱালাৰ জৰিয়তে ধনৰ লেনদেন কৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছিল ৫০ লাখতকৈ অধিক টকা। উক্ত হাৱালা সংক্ৰান্তীয় ঘটনাত কৰিমগঞ্জ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০B/৪১৮/৪২০/৩৪ ধাৰাৰ অধীনত ৬১৪/২১ নম্বৰত পঞ্জীয়ন হৈছিল এক গোচৰ। উক্ত গোচৰৰ তদন্ত চলোৱাত কৰিমগঞ্জ আৰক্ষীয়ে হোজাইৰ ধৃত ব্যক্তি দুজনো জড়িত থকাৰ তথ্য লাভ কৰাৰ পিছত হোজাই আৰক্ষীৰ লগত যোগাযোগ কৰি গ্ৰেপ্তাৰ কৰে দুয়োকে।
সেই মতে কৰিমগঞ্জ আৰক্ষীৰ এটা দল পুৱতিনিশা হোজাই থানাত উপস্থিত হৈ ধৃত লোক দুজনক নিজৰ জিম্মাত লৈ তিনি বজাত পুনৰ কৰিমগঞ্জ অভিমুখে ৰাওনা হয়। ইফালে হোজাইত হাৱালাৰ জৰিয়তে ধনৰ লেনদেন কৰি দুজন ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|