ৰাজ্যত আধাৰ কাৰ্ডৰ ক'লা বজাৰ, ঢেকীয়াজুলিত আধাৰৰ নামত অবৈধভাৱে ধন লোৱাৰ অভিযোগত দুজনক আটক

আটকাধীন অভিযুক্তই নিজ মুখে স্বীকাৰ কৰিছে নীতিবহিৰ্ভূতভাৱে আধাৰৰ কাম কৰাৰ কথা৷
আটকাধীন অভিযুক্তই নিজ মুখে স্বীকাৰ কৰিছে নীতিবহিৰ্ভূতভাৱে আধাৰৰ কাম কৰাৰ কথা৷
- News18 Assam
- Last Updated: November 6, 2020, 9:19 AM IST
উল্লেখযোগ্য যে আটকাধীন অভিযুক্তই নিজ মুখে স্বীকাৰ কৰিছে নীতিবহিৰ্ভূতভাৱে আধাৰৰ কাম কৰাৰ কথা৷ দুশ টকাকৈ প্ৰতিজনৰ পৰা সংগ্ৰহ কৰাৰ কথা স্বীকাৰ কৰিছে আৰক্ষীৰ আগত৷ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল - সমগ্ৰ শোণিতপুৰত গেলেক্সী কোম্পানী নামৰ এটা কোম্পানীয়ে ৯৪টা আধাৰ চেণ্টাৰ খুলি আধাৰ কাৰ্ড পঞ্জীয়নৰ কাম কৰি আছে জনৈক জয়ন্ত বণিয়া নামৰ এজন জিলা সমন্বয়কৰ নেতৃত্বত৷ আৰু ইয়াৰে প্ৰায়সংখ্যক আধাৰ চেণ্টাৰতে অবৈধভাৱে ধন লৈ আধাৰ কাৰ্ড প্ৰদান কৰি এখন ক'লা বজাৰৰ সৃষ্টি কৰিছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছে ৷ এই দুজন লোক আটক হোৱাটোৱে অভিযোগৰ সত্যতা প্ৰমাণিত কৰিছে যদিও, উপযুক্ত তদন্তই আৰু এনে বহু দিশ উন্মোচিত কৰিব পৰৱৰ্তী সময়ত৷