• Home
  • »
  • News
  • »
  • assam
  • »
  • আছাম ৰাইফলছৰ নাম লৈ দীৰ্ঘদিন ধৰি চলি আহিছে ৰহস্যজনক ব্যৱসায়, ভুৱা নিযুক্তিৰ বেহা! কেচু খান্দোতে সাপ ওলাইছে যোৰহাটত

আছাম ৰাইফলছৰ নাম লৈ দীৰ্ঘদিন ধৰি চলি আহিছে ৰহস্যজনক ব্যৱসায়, ভুৱা নিযুক্তিৰ বেহা! কেচু খান্দোতে সাপ ওলাইছে যোৰহাটত

এই সমগ্ৰ ঘটনাৰ আঁৰৰ ব্যক্তি ৰূপে চৰ্চালৈ আহে ৰূপম মজুমদাৰ নামৰ এজন ব্যক্তি। ৰূপম মজুমদাৰক আৰক্ষীয়ে ইতিমধ্যে লামডিঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

এই সমগ্ৰ ঘটনাৰ আঁৰৰ ব্যক্তি ৰূপে চৰ্চালৈ আহে ৰূপম মজুমদাৰ নামৰ এজন ব্যক্তি। ৰূপম মজুমদাৰক আৰক্ষীয়ে ইতিমধ্যে লামডিঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

এই সমগ্ৰ ঘটনাৰ আঁৰৰ ব্যক্তি ৰূপে চৰ্চালৈ আহে ৰূপম মজুমদাৰ নামৰ এজন ব্যক্তি। ৰূপম মজুমদাৰক আৰক্ষীয়ে ইতিমধ্যে লামডিঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

  • Share this:
আছাম ৰাইফলছৰ নামত এটা চক্ৰই অসমত চলাই অহা ৰহস্যজনক ব্যৱসায়ৰ ইটোৰ পিছত সিটো তথ্য পোহৰলৈ আহিছে। আছাম ৰাইফলছৰ নাম লিখা তথা সামৰিক বাহিনীৰ গাড়ীৰ দৰে ৰং কৰি লোৱা গাড়ীত সেনাৰ পোছাক পৰিধান কৰি সামগ্ৰী সৰবৰাহ কৰি আহিছিল একাংশ লোকে। যোৰহাট আৰক্ষীয়ে তেনে এখন গাড়ী সামগ্ৰীসহ জব্দ কৰাৰ পিছত পোহৰলৈ আহিছে বহু  বিস্ফোৰক তথ্য।  আছাম ৰাইফলছৰ নামত একাংশ যুৱকক নিযুক্তি প্ৰদান কৰাৰ তথ্যও পোহৰলৈ আহিছে। যোৰহাটত এনে এখন গাড়ীসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে আন বহু যুৱকক এনেদৰে ভুৱা নিযুক্তি প্ৰদান কৰাৰ তথ্য।

এই চক্ৰটোৱে আছাম ৰাইফলছৰ নামত গাড়ী ভাড়াত লৈ সেই গাড়ীত সেনা বাহিনীৰ গাড়ীৰ দৰে ৰং কৰি বিভিন্ন সামগ্ৰী সৰবৰাহ কৰি আহিছে। যোৰহাটৰ ৰাই বাহাদুৰ লেনত তেনে এখন গাড়ীৰ পৰা সামগ্ৰী নমাই থাকোতেই আৰক্ষীৰ সন্দেহ হোৱাত গাড়ীসহ লোককেইজনক থানালৈ আনি সোধা–পোছা কৰাত বহু তথ্য পোহৰলৈ আহে। সেয়াই আৰম্ভণি। এই সমগ্ৰ ঘটনাৰ আঁৰৰ ব্যক্তি ৰূপে চৰ্চালৈ আহে ৰূপম মজুমদাৰ নামৰ এজন ব্যক্তি। ৰূপম মজুমদাৰক আৰক্ষীয়ে ইতিমধ্যে লামডিঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

নিজকে আছাম ৰাইফলছৰ বিষয়া বুলি পৰিচয় দি অহা ৰূপম মজুমদাৰ প্ৰকৃততে এজন ঠিকাদাৰ বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। ৰূপম মজুমদাৰৰ লগতে নিজকে আছাম ৰাইফলছৰ এমটিঅ' বুলি পৰিচয় দিয়া ধ্ৰুৱজ্যোতি শৰ্মা নামৰ আন এজন যুৱককো তদন্তকাৰী আৰক্ষীয়ে নগাঁৱৰ পৰা দেওবাৰে নিশা আটক কৰিছে।

যোৰহাটত এনেদৰে সামগ্ৰী সৰবৰাহ কৰা আৰু দুখন ট্ৰাক দেওবাৰে নিশা আৰক্ষীয়ে জব্দ কৰিছে। ইতিমধ্যে আৰক্ষী নিশ্চিত হৈছে যে আছাম ৰাইফলছৰ নাম লিখি চলাচল কৰি থকা ট্ৰাকসমূহ আছাম ৰাইফলছৰ নহয়। আনহাতে ৰূপম মজুমদাৰৰ জৰিয়তে সামৰিক পোছাক পৰিধান কৰি কামত মকৰল কৰি থোৱা যুৱকসকলো আছাম ৰাইফলছৰ কৰ্মচাৰী নহয়।

"ৰূপম মজুমদাৰে নিজকে আছাম ৰাইফলছৰ হাবিলদাৰ বুলি পৰিচয় দি আহিছিল। কিন্তু তেওঁ প্ৰকৃততে এজন ঠিকাদাৰহে। আনহাতে, সামগ্ৰী সৰবৰাহ কৰা ট্ৰাকখন তথা সামৰিক পোছাক পৰিহিত চালক-কৰ্মচাৰীকেইজন আছাম ৰাইফলছৰ নহয় বুলি আমি আছাম ৰাইফলছ কৰ্তৃপক্ষৰ পৰা নিশ্চিত কৰিছো। এই সামগ্ৰীসমূহ ক'ৰ পৰা অনা হৈছে আমি সেই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছো।", যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে এনেদৰে কয়।

সামৰিক বাহিনীৰ ট্ৰাকৰ দৰে ৰূপ দি লোৱা ট্ৰাকসমূহত যাতে আৰক্ষীয়ে তালাচী নচলায় তাৰ বাবেই এই কৌশল ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে। আনহাতে এই নকল সামৰিক বাহিনীৰ ট্ৰাকসমূহত বিভিন্ন চোৰাং সামগ্ৰী তথা আপত্তিজনক সামগ্ৰী সৰবৰাহ কৰাৰো সন্দেহ কৰা হৈছে। তদন্ত সঠিক ভাৱে আগবাঢ়িলে এই ঘটনাৰ আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাটো নিশ্চিত।
Published by:Sanjay Kumar Das
First published: