உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিক্ৰী কৰিবলৈ আনিছিল পিষ্টল আৰু গুলী, দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজনক

    বিক্ৰী কৰিবলৈ আনিছিল পিষ্টল আৰু গুলী, দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজনক

    গ্ৰেপ্তাৰ কৰা লোক দুজন শ্যামপুৰ থানাৰ অন্তৰ্গত ১নং শ্যামপুৰ গাঁৱৰ হাইদৰ আলী আৰু ৰৌমাৰীৰ আব্দুল ৱাহেদ।

    গ্ৰেপ্তাৰ কৰা লোক দুজন শ্যামপুৰ থানাৰ অন্তৰ্গত ১নং শ্যামপুৰ গাঁৱৰ হাইদৰ আলী আৰু ৰৌমাৰীৰ আব্দুল ৱাহেদ।

    গ্ৰেপ্তাৰ কৰা লোক দুজন শ্যামপুৰ থানাৰ অন্তৰ্গত ১নং শ্যামপুৰ গাঁৱৰ হাইদৰ আলী আৰু ৰৌমাৰীৰ আব্দুল ৱাহেদ।

    • Share this:
    দৰং জিলাৰ শ্যামপুৰ আৰক্ষীয়ে অভিযান চলাই শিয়ালমাৰী বজাৰৰ পৰা হস্তনিৰ্মিত পিষ্টল আৰু চাৰি জাঁই সজীৱ গুলীসহ গ্ৰেপ্তাৰ কৰে দুজন লোকক। গ্ৰেপ্তাৰ কৰা লোক দুজন শ্যামপুৰ থানাৰ অন্তৰ্গত ১নং শ্যামপুৰ গাঁৱৰ হাইদৰ আলী আৰু ৰৌমাৰীৰ আব্দুল ৱাহেদ।শিয়ালমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগ হাজৰিকাই জানিবলৈ দিয়া মতে, দলগাঁও ৰৌমাৰীৰ পৰা এটা হস্তনিৰ্মিত পিষ্টল আৰু চাৰি জাঁই সজীৱ গুলী শিয়ালমাৰী বজাৰত বিক্ৰী কৰিবলৈ অনা বুলি আৰক্ষীয়ে খবৰ পাই দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

    ধৃত আব্দুল ৱাহেদ ইয়াৰ পূৰ্বেও গঁড় চিকাৰৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল। ইতিমধ্যে শ্যামপুৰ আৰক্ষীয়ে অস্ত্ৰ সৰবৰাহ কৰাৰ অভিযোগত শ্যামপুৰ থানাত ১১১/২০ নম্বৰত গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰাই নিজৰ জিম্মাত লৈ ধৃত দুয়োকে সোধা–পোছ অব্যাহত ৰাখিছে।
    Published by:Sanjay Kumar Das
    First published: