NRCৰ নামত ভয়ংকৰ কাণ্ড, উৎকোচ লৈ হাতে–লোটে গ্ৰেপ্তাৰ NRCৰ ২ কৰ্মচাৰী

NRCত নাম অন্তৰ্ভুক্ত কৰাৰ নামত ১০ হাজাৰ টকা লৈছিল কৰ্মচাৰী দুজনে।

news18assam
Updated:June 13, 2019, 12:48 PM IST
NRCৰ নামত ভয়ংকৰ কাণ্ড, উৎকোচ লৈ হাতে–লোটে গ্ৰেপ্তাৰ NRCৰ ২ কৰ্মচাৰী
NRCত নাম অন্তৰ্ভুক্ত কৰাৰ নামত ১০ হাজাৰ টকা লৈছিল কৰ্মচাৰী দুজনে।
news18assam
Updated: June 13, 2019, 12:48 PM IST
NRCৰ নামত ৰাজ্যত চলিছে ভয়ংকৰ কাণ্ড। এই ঘটনা পোহৰলৈ আহিছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত। NRCৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে NRCৰ দুই কৰ্মচাৰীক। NRCত নাম অন্তৰ্ভুক্ত কৰাৰ নামত ১০ হাজাৰ টকা লৈছিল কৰ্মচাৰী দুজনে। ঘোচ উপাধিৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰকে অভিযান চলাই গ্ৰেপ্তাৰ দুয়োজন কৰ্মচাৰীক। গ্ৰেপ্তাৰ হ’ল ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া চৈয়দ চাহজাহান আৰু সহকাৰী স্থানীয় নাগৰিক পঞ্জীয়ক ৰাহুল পৰাশৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি