মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমৰ কৃষিক্ষেত্ৰলৈ সুখবৰ : থলুৱা বীজৰ সংৰক্ষণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ নেতৃত্বত দুটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে অসমে...

অসমৰ কৃষিক্ষেত্ৰলৈ সুখবৰ : থলুৱা বীজৰ সংৰক্ষণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ নেতৃত্বত দুটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে অসমে...

অসম কৃষি বিশ্ববিদ্যালয়ৰ নেতৃত্বত অসমলৈ প্ৰথমবাৰৰ  বাবে প্লেন্ট জিনম চেভিয়ৰ কমিউনিটি এৱাৰ্ড আৰু থলুৱা জলকীয়াৰ জাত সংৰক্ষণ কৰা ডিমাছা জনগোষ্ঠীৰ বলোৰাম চাৰংচাইলৈ প্লেন্ট জিনম চেভিয়ৰ ফাৰ্মাৰ ৰিকগনিশ্যন এৱাৰ্ড।

অসম কৃষি বিশ্ববিদ্যালয়ৰ নেতৃত্বত অসমলৈ প্ৰথমবাৰৰ  বাবে প্লেন্ট জিনম চেভিয়ৰ কমিউনিটি এৱাৰ্ড আৰু থলুৱা জলকীয়াৰ জাত সংৰক্ষণ কৰা ডিমাছা জনগোষ্ঠীৰ বলোৰাম চাৰংচাইলৈ প্লেন্ট জিনম চেভিয়ৰ ফাৰ্মাৰ ৰিকগনিশ্যন এৱাৰ্ড।

  • Share this:
অসমৰ কৃষিক্ষেত্ৰলৈ আহিছে এটি বিশেষ সুখবৰ । থলুৱা বীজৰ সংৰক্ষণৰ বাবে দুটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে অসমে । অসম কৃষি বিশ্ববিদ্যালয়ৰ নেতৃত্বত অসমে প্ৰথমবাৰৰ  বাবে লাভ কৰিছে প্লেন্ট জিনম চেভিয়ৰ কমিউনিটি এৱাৰ্ড আৰু প্লেন্ট জিনম চেভিয়ৰ ফাৰ্মাৰ ৰিকগনিশ্যন এৱাৰ্ড ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ নেতৃত্বত উত্তৰ পূবাঞ্চলৰ  কাৰ্বি আৰু ডিমাচা জনগোষ্ঠীয় লোকে  প্ৰথমবাৰৰ বাবে থলুৱা বীজ সংৰক্ষণ তথা কৃষি উৎপাদন আৰু কৃষি  বাণিজ্যৰ  দিশত আগবঢ়াই অহা অৱদানৰ বাবে দুটাকৈ সৰ্বভাৰতীয় পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । কাৰ্বি আংলঙৰ  ধনচুৰি এগ্ৰিল ফাৰ্মাৰ কোঅপাৰেটিভ চচাইটিয়ে সামুহিক শাখাত  প্লেন্ট জিনম চেভিয়ৰ কমিউনিটি এৱাৰ্ড  আৰু ব্যক্তিগত শাখাত থলুৱা জলকীয়াৰ জাত সংৰক্ষণ কৰা ডিমাচা জনগোষ্ঠীৰ বলোৰাম চাৰংচাই প্লেন্ট জিনম চেভিয়ৰ ফাৰ্মাৰ ৰিকগনিশ্যন এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে ।

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ  মন্ত্ৰালয়ৰ  অন্তৰ্গত প্ৰটেকশ্যন অৱ প্লেন্ট ভেৰাইটিজ এণ্ড ফাৰ্মাৰ ৰাইট অথৰিটীয়ে প্ৰতি বছৰে  পৰম্পৰাগত কৃষিজাত উদ্ভিদৰ সংৰক্ষণৰ দিশত আগবঢ়োৱা এই সন্মান  ২০২০-২১ বৰ্ষৰ বাবে আগবঢ়াইছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে প্ৰথমবাৰৰ বাবে অসমৰ এটা থলুৱা  জনগোষ্ঠীয়ে সৰ্বভাৰতীয় পৰ্যায়ত এই পুৰস্কাৰ লাভ কৰিছে ।

" অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি গৱেষণা সঞ্চালকালয়ৰ জৰিয়তে আবেদন কৰি সামুহিক শাখাৰ ৩১ খন আবেদন আৰু ব্যক্তিগত শাখাৰ ২০০ খন আবেদনৰ ভিতৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । সামুহিক শাখাৰ পৰা বাছনি কৰা দুখনৰ ভিতৰত স্থান লাভ কৰাৰ বিপৰীতে ব্যক্তিগত শাখাৰ ২০ খনৰ ভিতৰত স্থান লাভ কৰিছে অসমে । ", অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই এনেদৰে কয় ।

কাৰ্বি আংলঙৰ  ধনচুৰি এগ্ৰিল ফাৰ্মাৰ কোঅপাৰেটিভ চছাইটি ২০১৬ চনত গঠিত হৈছিল । এই চছাইটিয়ে কাৰ্বি আংলং জিলাত কৃষি উৎপাদন আৰু কৃষি বাণিজ্যৰ  দিশত উল্লেখনীয় অৱদান আগবঢ়াইছে । এই চছাইটিৰ লগত  প্ৰত্যক্ষভাবে ৩০০ জন কৃষক আৰু পৰোক্ষভাবে  ১০০০ কৃষক জড়িত হৈ আছে ।

কাৰ্বি আংলং জিলাৰ শিলফুটা নগৰজান বকলিয়াৰ যুৱকৃষক বলোৰাম চাৰংচাই থলুৱা জাতৰ ৭ বিধ জলকীয়া সংৰক্ষণৰ বাবে এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

জৈৱ বৈচিত্ৰৰ আহুকালৰ সময়ত থলুৱা  বীজৰ পৰম্পৰাগতভাবে কৰা সংৰক্ষণ আৰু এই দিশত অধিক গুৰুত্ব দি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাটো এক আশাৰ খবৰ ৰূপে বিবেচিত হৈছে । এই সংৰক্ষণৰ বাবে তথা কৃষকৰ অধিকাৰ ৰক্ষাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে পদক্ষেপ গ্ৰহণ কৰি এই সন্মান লাভৰ অংশীদাৰ হৈছে । আনহাতে থলুৱা তিলৰ ভেৰাইটিৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ে উচ্চ উৎপাদনক্ষম দুটাকৈ নতুন জাত উদ্ভাৱন কৰাই নহয় এই সকল লোকে সংৰক্ষণ কৰা জলকীয়াৰ পৰা নতুন দুটা জাত উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে  ।

নতুন দিল্লীৰ নাচ কমপ্লেক্সত  ১১ নৱেম্বৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  ধনচুৰি এগ্ৰিল ফাৰ্মাৰ ক: অপাৰেটিভ চচাইটিক সামুহিক শাখাত ১০ লাখ টকা আৰু ২ খন প্ৰশস্তি পত্ৰ ৰ সৈতে 'প্লেন্ট জিনম চেভিয়ৰ কমিউনিটি এৱাৰ্ড ' আৰু ব্যক্তিগত শাখাত ডিমাচা জনগোষ্ঠীৰ বলোৰাম চাৰংচাইক ১ লাখ টকা আৰু প্ৰশস্তি পত্ৰ ৰ সৈতে প্লেন্ট জিনম চেভিয়ৰ ফাৰ্মাৰ ৰিকগনিশ্যন এৱাৰ্ড প্ৰদান কৰা হয় ।  কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে বঁটা প্ৰদান কৰা এই অনুষ্ঠানত প্ৰটেকশ্যন অৱ প্লেন্ট ভেৰাইটিজ এণ্ড ফাৰ্মাৰ ৰাইট অথৰিটীৰ  চেয়াৰমেন ড° টি প্ৰভু , ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ত্ৰিলোচন মহাপাত্ৰ  উপস্থিত থাকে ।

শেহতীয়া বাতৰি