মুখ্যপৃষ্ঠা »খবৰ »অসম »Paper Mill Workers Died : তিল তিলকৈ মৃত্যু নগাঁও আৰু কাছাৰ কাগজ কলৰ দুই কৰ্মচাৰীৰ, অসাৰ প্ৰতিশ্ৰুতি চৰকাৰৰ, আজিও পোৱা নাই প্ৰাপ্য ধন!

Paper Mill Workers Died : তিল তিলকৈ মৃত্যু নগাঁও আৰু কাছাৰ কাগজ কলৰ দুই কৰ্মচাৰীৰ, অসাৰ প্ৰতিশ্ৰুতি চৰকাৰৰ, আজিও পোৱা নাই প্ৰাপ্য ধন!

নগাঁও  আৰু কাছাৰ কাগজ কলৰ আৰু দুজন কৰ্মচাৰীৰ মৃত্যু!

নগাঁও আৰু কাছাৰ কাগজ কলৰ আৰু দুজন কৰ্মচাৰীৰ মৃত্যু!

Paper Mill Workers Died : নগাঁও কাগজ কলৰ কৰ্মচাৰী ৰাজেন্দ্ৰ কুমাৰ নাথৰ হৃদ ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু আৰু বৃক্ক আৰু যকৃত ৰোগত আক্ৰান্ত হৈ কাছাৰ কাগজ কলৰ কৰ্মচাৰী শ্যামা কান্ত কুৰ্মীৰ মৃত্যু ৷ কাগজ কল কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যা হৈছেগৈ ৯৫ গৰাকী ৷

  • Share this:
যেন মৃত্যু উপত্যকালৈ পৰিণত হৈছে বন্ধ হৈ থকা অসমৰ দুটাকৈ বৃহৎ কাগজ উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কল (Paper Mill) ৷ পুনৰ কাগজ কলৰ দুজনকৈ কৰ্মচাৰীৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে কাগজ কলৰ সতীৰ্থ-কৰ্মচাৰীক ৷

জানিব পৰা মতে ২১ ছেপ্তেম্বৰৰ নিশা প্ৰায় ৯ বজাত মৃত্যু হয় নগাঁও কাগজ কল (Nagaon Paper Mill)ৰ কৰ্মচাৰী ৰাজেন্দ্ৰ কুমাৰ নাথৰ ৷ বহুদিনৰ পৰা মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল ৰাজেন্দ্ৰ কুমাৰ নাথ ৷ অৱশেষত হৃদ ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লয় ৰাজেন্দ্ৰ কুমাৰ নাথে। নাথৰ মৃত্যুত সহকৰ্মী তথা নগাঁও কাগজ কলৰ কৰ্মচাৰী সকল মৰ্মাহত হৈ পৰিছে ৷

আনহাতে বৃহস্পতিবাৰে পুনৰ কাছাৰ কাগজ কল (Cachar Paper Mill)ৰ আন এগৰাকী কৰ্মচাৰী শ্যামা কান্ত কুৰ্মীৰ মৃত্যু হয় ৷ বৃক্ক আৰু যকৃত ৰোগত আক্ৰান্ত হৈ পুৱা প্ৰায় ৪ বজাত মৃত্যু হয় কুৰ্মীৰ ৷ ইয়াৰ লগে লগে কাগজ কল কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যা হৈছেগৈ ৯৫ গৰাকী ৷ ইয়াৰে আত্মহত্যাৰ দৰে চৰম পথ বাচি লৈছে মুঠ ৪ গৰাকী কৰ্মচাৰীয়ে ৷

উল্লেখ্য যে বন্ধ হৈ থকাৰ বাবেই বিগত প্ৰায় ৫৭ মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে অসমৰ দুটাকৈ বৃহৎ উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে ৷ যাৰ পৰিণতিত চিকিৎসাৰ অভাৱত মৃত্যুক আকোৱালি লবলগীয়া হৈছে কৰ্মচাৰীসকলে ৷

দীৰ্ঘদিনৰ পৰা প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰী সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷ বহু কৰ্মচাৰীয়ে দিন হাজিৰা কৰি পোহপাল দি আহিছে নিজৰ পৰিয়াল ৷ কচু, ঢেঁকীয়া বিক্ৰী কৰি নিজৰ সন্তানৰ বাবে দুবেলা দুমুঠি অন্ন যোগাৰ কৰিছে বহুতে ৷ কৰ্মচাৰীসকলৰ অনাদায় দৰমহা আদায় দিয়াৰ লগতে কল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত বহু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও কোনো ফল নধৰিল ৷

অৱশেষত কিছুদিনৰ পূৰ্বে কৰ্মচাৰী সকলৰ আবাস গৃহ সমূহ খালি কৰিবলৈহে এক জাননী প্ৰেৰণ কৰিলে লিকুইডেটৰ কুলদীপ বাৰ্মা (Kuldeep Verma)ই ৷ বাৰ্মাৰ এই জাননীয়ে ক্ষোভিত কৰি তোলা কৰ্মচাৰী সকলে পুনৰ কাগজ কলৰ মুখ্যদ্বাৰত ৰূপায়ণ কৰিছিল প্ৰতিবাদ ৷ প্ৰাপ্য দৰমহা আদায় দিলেহে ঘৰ খালি কৰিব, অন্যথা কোনোপধ্যেই ঘৰ খালি নকৰে বুলি দিছিল হুংকাৰ ৷

তাৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika)ই এসপ্তাহৰ ভিতৰত অনাদায় ধন আদায় দিবলৈ ৰাজ্য চৰকাৰ সাজু বুলি কৰা মন্তব্যৰ পিছতে প্ৰতিবাদ সামৰিছিল কৰ্মচাৰী সকলে ৷ পৰৱৰ্তী সময়ত মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Chandramohan Patowary)ৰে কাগজ কল কৰ্মচাৰীৰ ১০ টাকৈ সংগঠনে গুৱাহাটীত মিলিত হৈছিল এখন বৈঠকত ৷ অৱশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ সৈতে শেষৰখন বৈঠকত চুড়ান্ত সিদ্ধান্ত হব বুলি ঘোষণা কৰিছিল মন্ত্ৰীদ্বয়ে ৷

কিন্তু প্ৰায় এপষেক উকলি যোৱাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা কৰ্মচাৰী সকলে লাভ কৰা নাই কোনো সিদ্ধান্ত ৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ ব্যস্ততাৰ বাবেই হয়তো সেয়া হৈ উঠা নাই বুলিও জানিবলৈ দিয়ে কৰ্মচাৰীসকলে ৷ সেয়ে অতি শীঘ্ৰে অনাদায় ধন আদায় দি মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে কৰ্মচাৰীসকলেে ৷

শেহতীয়া বাতৰি