পূৰ্বে গ্ৰেপ্তাৰ হৈছিল শ্বাহৰুখ খান আৰু চুভাহান খান নামৰ দুজন।
পূৰ্বে গ্ৰেপ্তাৰ হৈছিল শ্বাহৰুখ খান আৰু চুভাহান খান নামৰ দুজন।
অসমবাসীক লজ্জানত কৰা ছয়গাঁৱৰ আচলপাৰাৰ ঘটনা সন্দৰ্ভত আৰু দুজনক গ্ৰেপ্তাৰ। ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিজামুদ্দিন আৰু ৰহমত আলী নামৰ দুই অভিযুক্তক। ঘটনা সন্দৰ্ভত এইপৰ্যন্ত চাৰিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পূৰ্বে গ্ৰেপ্তাৰ হৈছিল শ্বাহৰুখ খান আৰু চুভাহান খান নামৰ দুজন। ঈদৰ এক অনুষ্ঠানত নৃত্যশিল্পীক অশ্লীল ব্যৱহাৰ কৰিছিল একাংশ বিকৃত মানসিকতাৰ লোকে। মঞ্চত যুৱতীক উলংগ হৈ নাচিবলৈ কৈছিল অনুষ্ঠানটোৰ আয়োজক সমিতিয়ে। এই ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|